উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপাৰাত নৃশংস হত্যাকাণ্ড।
এগৰাকী যুৱতীক নিজ কোঠাত নৃশংসভাৱে হত্যা। ভাড়াঘৰৰ বন্ধ কোঠাত উদ্ধাৰ হয় যুৱতীগৰাকীক মৃতদেহ। হত্যাকাৰীয়ে খিৰিকীৰে পলায়ন কৰাৰ সন্দেহ কৰা হৈছে। প্ৰায় ১৮ বছৰীয়া যুৱতীগৰাকী নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত সোণাইপাৰা গাঁৱৰ আছমিনা খাতুন বুলি চিনাক্ত কৰা হৈছে।যুৱতীগৰাকীৰ আত্মীয়ই সদৰী কৰা মতে, বৰপেটাৰ চফিকুল আৰু উত্তৰ প্ৰদেশৰ পি কে আনন্দৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ। উত্তৰ প্ৰদেশৰ পি কে আনন্দে চাকৰিৰ প্ৰলোভন দেখুৱাই যুৱতীগৰাকীক লৈ গৈছিল বহিঃৰাজ্যলৈ। আছমিনা খাতুনে বহিঃৰাজ্যৰ পৰা কোনোমতে পলাই আহি পুনৰ উত্তৰ গুৱাহাটীৰ এটা উদ্যোগত কাম কৰিবলৈ লৈছিল।
ইফালে, চফিকুল নামৰ প্ৰেমিকজনে আছমিনাক সোমবাৰে প্ৰেমৰ উপহাৰ হিচাপে দিছিল এটা মোবাইল ফোন। ত্ৰিকোণীয় প্ৰেমৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।নিশাই উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ এয়া এক হত্যাকাণ্ড বুলি অভিহিত কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|