এটি জুৰিত অচেতন ৰুহুলক তললৈ মুখ কৰি মুমূৰ্ষু অৱস্থাত পৰি থকাৰ পৰা উদ্ধাৰ কৰে ৷ ৰুহুলৰ শৰীৰৰ বিভিন্ন স্থানত ক্ষত-বিক্ষত হোৱাৰ চিন স্পষ্টকৈ দেখা বুলি দাবী কৰে পৰিয়ালে ৷
হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত ভেলৈগুৰিত আজি এজন যুৱকৰ প্ৰেমজনিত ঘটনাৰ বাবেই মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰেমজনিত কাৰণত প্ৰেমিকাৰ পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ কৰিছে মৃত যুৱকৰ পৰিয়ালে ৷ ইয়াকে লৈ সমগ্ৰ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
আভিযোগ অনুসৰি ডবকা আৰক্ষী থানাৰ অন্তৰ্গত ভেলৌগুৰি গাঁৱৰ ৰুহুল আলী নামৰ যুৱকজনৰ একে গাঁৱৰে এগৰাকী যুৱতিৰে দীৰ্ঘ দিন ধৰি প্ৰেম চলি আছিল ৷ এই প্ৰেমক লৈ যুৱতিগৰাকীৰ পৰিয়ালে কেইবাবাৰো যুৱকজনৰ পৰিয়ালৰ লগত সংঘাতত লিপ্ত হৈছিল ৷
মৃত ৰুহুল আলীৰ পৰিয়ালে কৰা অভিযোগ অনুসৰি যোৱা নিশা ৰুহুল আলীৰ প্ৰেমিকাই লগ পোৱাৰ উদ্দেশ্যেৰে নিশা ফোনযোগে যুৱকজনক মাতি পঠাইছিল ৷ ইফালে নিশা বহু পৰলৈ ঘৰত ৰুহুল আলীক বিচাৰি নোপোৱাত ওচৰে-পাজৰে বিচাৰ-খোচাৰ আৰম্ভ কৰে পৰিয়ালৰ লোকে ৷ পাছত পাহাৰৰ পৰা নামি অহা এটি জুৰিত অচেতন ৰুহুলক তললৈ মুখ কৰি মুমূৰ্ষু অৱস্থাত পৰি থকাৰ পৰা উদ্ধাৰ কৰে ৷ ৰুহুলৰ শৰীৰৰ বিভিন্ন স্থানত ক্ষত-বিক্ষত অৱস্থাত থকাৰ চিন স্পষ্টকৈ দেখা বুলি দাবী কৰে পৰিয়ালে ৷
পাছত ততাতৈয়াকৈ ৰুহুলক ডবকা ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে প্ৰথমে নগাঁও অসামৰিক চিকিৎসালয়ত আৰু পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ পাছত আজি দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যুৱকজনৰ মৃত্যু হয় ৷
অভিযোগ অনুসৰি যুৱতি গৰাকীৰ পৰিয়ালৰ লোকে অতি কৌশলেৰে ৰুহুলক প্ৰেমিকাৰ হতুৱাই মাতি নি মাৰপিট কৰি অতি মুমুৰ্ষূ অৱস্থাত ওচৰতে থকা পাহাৰৰ পৰা নামি অহা জুৰিটোত পেলাই থৈছিল ৷ এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি মৃত যুৱকৰ পৰিয়ালে অভিযোগ কৰিছে ৷ ইতিমধ্যে যুৱকজনৰ মাতৃ আচমা বিবিয়ে প্ৰেমিকাৰ ভাতৃ আজিবুৰ ৰহমানক মূল অভিযুক্ত সজাই পৰিয়াটোৰ বিৰুদ্ধে ডবকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ ডবকা আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি আজিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|