• Home
  • »
  • News
  • »
  • crime
  • »
  • Karbi Anglong: বিহু চাই বাইকেৰে প্ৰেমিকৰ সৈতে আহি থাকোঁতে যুৱতীক ৪-৫জনীয়া যুৱকৰ ধৰ্ষণৰ চেষ্টা, পথত উদ্ধাৰ নগ্ন ৰূপত

Karbi Anglong: বিহু চাই বাইকেৰে প্ৰেমিকৰ সৈতে আহি থাকোঁতে যুৱতীক ৪-৫জনীয়া যুৱকৰ ধৰ্ষণৰ চেষ্টা, পথত উদ্ধাৰ নগ্ন ৰূপত

 অভিযোগ- আৰক্ষীয়ে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ বাবে ২৯ এপ্ৰিলতহে গোচৰৰ তদন্ত কৰিব বুলি কৈ ওভতাই পঠিয়াই ৰাইজক

অভিযোগ- আৰক্ষীয়ে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ বাবে ২৯ এপ্ৰিলতহে গোচৰৰ তদন্ত কৰিব বুলি কৈ ওভতাই পঠিয়াই ৰাইজক

অভিযোগ- আৰক্ষীয়ে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ বাবে ২৯ এপ্ৰিলতহে গোচৰৰ তদন্ত কৰিব বুলি কৈ ওভতাই পঠিয়াই ৰাইজক

  • Share this:
বিহুৰ অনুষ্ঠান উপভোগ কৰিবলৈ যোৱা এগৰাকী যুৱতীক ৪-৫জন যুৱকে নৃশংসভাৱে আক্ৰমণ কৰি উলংগ অৱস্থাত পথৰ দাঁতিত পেলাই থৈ যোৱা ঘটনাই কাৰ্বি আংলঙত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ২৪ এপ্ৰিল দেওবাৰে বকলীয়াৰ ইংলেং গাঁৱৰ পৰা বিহু চাবলৈ যোৱা যুৱতীগৰাকীক প্ৰেমিক সুৰেশ নাথে নিশা মটৰচাইকলেৰে ঘৰলৈ থৈ অহাৰ বাবে লৈ আনে।

কিন্তু তাৰ পিছতে ৪-৫জন যুৱকে যুৱতীগৰাকীক মাৰ-পিট কৰি উলংগ অৱস্থাত দুয়োভৰি বান্ধি ইংলেং গাঁৱৰ পথৰ দাঁতিত পেলাই থৈ যায় (Girl thrown naked on a road)। উলংগ আৰু অচেতন অৱস্থাত যুৱতীগৰাকীক প্ৰত্যক্ষ কৰে উজ্জ্বল নামৰ এগৰাকী শিক্ষকে।

ইয়াৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত শিক্ষকগৰাকীয়ে যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু যুৱতীগৰাকীৰ দেহৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ বাবে তেওঁক পৰিয়ালৰ লোকে নগাঁৱৰ বাইপাছৰ এখন ব্যক্তিগত নাৰ্ছিংহোমৰ আইচিইউত ভৰ্তি কৰায়।

বৰ্তমানেও সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি হৈ আছে যুৱতীগৰাকী। এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে বকলীয়া আৰক্ষী থানাৰ অন্তৰ্গত কাছমাৰী আৰক্ষী চকীত গোচৰ ৰুজু কৰিবলৈ যায় যদিও কাছমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ (PM Narendra Modi) অনুষ্ঠানৰ বাবে অহা ২৯ এপ্ৰিলতহে গোচৰৰ তদন্ত কৰিব পাৰিব বুলি কৈ ৰাইজক ওভতাই পঠিয়াই বুলি অভিযোগ কৰে ৰাইজে।

ৰাইজৰ অভিযোগ সুৰেশ নাথ নামৰ যুৱকজনৰ নেতৃত্বত যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰা হৈছে (Girl being brutally attacked)। ইপিনে এই ঘটনাক সাধাৰণ দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টাত লিপ্ত হৈছে এটা প্ৰভাৱশালী চক্ৰ। জঘন্য ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিয়া চক্ৰটোৰ বিৰুদ্ধে বকলীয়াৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

প্ৰতিবাদৰ মাজতে বহু মহিলাই সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখতে যুৱতীগৰাকীৰ অৱস্থাৰ কথা বৰ্ণনা কৰি উচুপি উঠে। উল্লেখযোগ্য যে প্ৰেমিক সুৰেশ নাথৰ পৰিয়ালটো আৰ্থিকভাৱে সবল হোৱাৰ বাবেই সমগ্ৰ ঘটনাটোক গাপ দিয়াৰ চেষ্টা চলোৱাৰো অভিযোগ তোলে ৰাইজে। স্থানীয় ৰাইজে ঘটনা সংক্ৰান্তত কাৰ্বি আংলঙৰ (Karbi Anglong) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক কঠোৰ পদক্ষেপ লোৱাৰ বাবেও আহ্বান জনায়।
Published by:Gautam Barman
First published: