• Home
  • »
  • News
  • »
  • crime
  • »
  • NAGAON : নগাঁৱত বিদ্যালয়ৰ পৰা আহোঁতে কিশোৰীক অপহৰণ কৰি ধৰ্ষণ ছয় নৰপিশাচৰ

NAGAON : নগাঁৱত বিদ্যালয়ৰ পৰা আহোঁতে কিশোৰীক অপহৰণ কৰি ধৰ্ষণ ছয় নৰপিশাচৰ

সন্ধিয়ালৈকে উপস্থিত হোৱা নাই নগাঁও আৰক্ষীৰ কোনো উচ্চপদস্থ বিষয়া

সন্ধিয়ালৈকে উপস্থিত হোৱা নাই নগাঁও আৰক্ষীৰ কোনো উচ্চপদস্থ বিষয়া

সন্ধিয়ালৈকে উপস্থিত হোৱা নাই নগাঁও আৰক্ষীৰ কোনো উচ্চপদস্থ বিষয়া

  • Share this:

নগাঁৱত পুনৰ চাঞ্চল্যকৰ, জঘন্য ঘটনা৷ দলবদ্ধ ধৰ্ষণৰ বলি হ’ল এগৰাকী কিশোৰী৷ ছয় যুৱকে অপহৰণ কৰি ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ কৰিছে কিশোৰীগৰাকীয়ে৷ আজি বিয়লি মুমূৰ্ষু অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়ত দুই অজ্ঞাত যুৱকে এৰি থৈ গৈছিল কিশোৰীগৰাকীক৷


ই-ৰিক্সাৰে কিশোৰীগৰাকীক নগাঁও চিভিললৈ অনা সমগ্ৰ দৃশ্য বন্দী হয় CCTVৰ কেমেৰাত। কিশোৰীগৰাকীৰ ঘৰ নগাঁৱৰ জুৰীয়াত। মঙলবাৰে বিদ্যালয়ৰ পৰা উভতি অহাৰ পথৰ পৰা কিশোৰীগৰাকীক অপহৰণ কৰিছিল ছয় যুৱকে। চকুত বান্ধি অপহৰণ কৰি নিয়া কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাই ছয় নৰপিশাচে।


কিশোৰীগৰাকীয়ে অপহৰণ কৰা যুৱককেইজনৰ নাম নাজানে যদিও জুৰীয়াৰ যুৱক আৰু দেখিলে চিনি পাব বুলি মন্তব্য দিছে। তদুপৰি বিদ্যালয়লৈ অহা–যোৱা কৰোঁতে যুৱককেইজনে কিশোৰীগৰাকীক প্ৰায়েই অশান্তি দিয়া বুলিও জানিবলৈ দিছে যৌন আতিশয্যৰ বলি হোৱা কিশোৰীগৰাকীয়ে৷


মুমূৰ্ষু অৱস্থাত চিকিৎসালয়ত এৰি থৈ যোৱা কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে চিকিৎসকে৷ ইফালে চিকিৎসালয়খনত সন্ধিয়ালৈকে উপস্থিত হোৱা নাই নগাঁও আৰক্ষীৰ কোনো উচ্চপদস্থ বিষয়া৷ দলবদ্ধ ধৰ্ষণৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি