পৰ্ণ’গ্ৰাফী গোচৰ (Pornography Case)ত এইবাৰ সৰৱ হৈছে গহনা বশিষ্ঠ (Gehana Vasisth)। গহনাৰ বিৰুদ্ধে মুম্বাইৰ মালৱানী থানাত দাখিল হৈছে এখন এজাহাৰ। এজাহাৰ দাখিলৰ পিছতে এক ভিডিঅ' বাৰ্তাৰে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে মুখ খোলাসকলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গহনা বশিষ্ঠ। গহনাই কয়, "মই ৰাজ কুন্দ্ৰাৰ সমৰ্থমত কোৱা কাৰণেই মোৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে। মোক জানি-বুজি ফঁচোৱা হৈছে। এজাহাৰত মোৰ নাম জানি-বুজি লোৱা হৈছে। এই ভুক্তভোগী ছোৱালীজনী ৫ মাহে ক'ত আছিল, যেতিয়া মোক ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰিছিল তেতিয়া সন্মুখলৈ নাহিল কিয়?"
গহনা বশিষ্ঠই আকৌ কয়,"যি সকলে অশ্লীলতা বিয়পাই আছে তেওঁলোক ভুক্তভোগী হৈ গ'ল, তেওঁলোক আচলতে কোন, না এইটো পৰীক্ষা কৰা হৈছে না তেওঁলোকৰ পূৰ্বৰ কামবোৰ চোৱা হৈছে, তেওঁলোকে মাত্ৰ ইয়াকেই কৈ আছে যে ৰাজ কুন্দ্ৰাই তেওঁলোকক এডাল্ট ইণ্ডাষ্ট্ৰীজত আনিলে, ৰাজ কুন্দ্ৰাই তেওঁলোকৰ সৈতে অন্যায় কৰিছে, গহনাই তেওঁলোকৰ সৈতে অন্যায় কৰিছে...আৰু তেওঁলোকৰ অভিযোগকে প্ৰমাণ বুলি ধৰি লৈ এজাহাৰ দাখিল হৈ আছে...।"
গহনাই আৰু কয় যে "মই যিদিনাই গ্ৰেপ্তাৰ হৈছিলোঁ সেইদিনাই হিৰোইন, প্ৰডিউচাৰ, পৰিচালক, লোকেচনৰ সকলোৰে নম্বৰ দি দিছিলোঁ...কাৰো লগত কোনো ধৰণৰ জবৰদস্তি আমি কৰা নাই...এতিয়া এই লোকসকলে সেই ছোৱালীসকলক ফোন কৰি কৰি কৈ আছে যে তমালোকে গহনাৰ বিৰুদ্ধে কেছ কৰা...ৰাজ কুন্দ্ৰীৰ বিৰুদ্ধে কেছ কৰা... কিছুমানে তেওঁলোকৰ কথা মানিছে, যিসকলে মনা নাই তেওঁলোকক ধমকি দি কেছ দিবলৈ বাধ্য কৰোৱা হৈছে...।"
উল্লেখ্য যে ডাঙৰ চিনেমাত ৰোল দিম বুলি অশ্লীল ছবি নিৰ্মাণ কৰাৰ অভিযোগত গহনা বশিষ্ঠৰ বিৰুদ্ধে এই গোচৰ দিয়া হৈছিল।
Published by: Manjumoni Borah
FIRST PUBLISHED : July 28, 2021, 18:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।