বিশ্বনাথ চাৰিআলিত অব্যাহত আছে কেঁকো সাপৰ অবৈধ বেহা ৷ নগাঁও, মৰিগাঁও আদি ঠাইৰ পৰা কেঁকো সাপ কিনিবলৈ বেপাৰী আহে বিশ্বনাথ চাৰিআলিলৈ ৷ বিশ্বনাথ চাৰিআলিৰ বালিপুখুৰীৰ দেৱেন গোৱালা নামৰ ব্যক্তিজনে কেঁকো সাপৰ ব্যৱসায় কৰাৰ অভিযোগ কৰিছে স্থানীয় যুৱক গণেশ চবৰে ৷
গণেশ চবৰৰ অভিযোগ মতে বন বিভাগৰ বৰদলৈ উপাধিৰ এজন লোকো এই অবৈধ কেঁকো সাপৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে ৷ বৰদলৈৰ ঘৰত কেকো সাপ কিনিবলৈ অহা লোক সকলৰ লগত লেনদেন দেখা পাইছিল গণেশে ৷ এটা বাকচৰ ভিতৰত সুমুৱাই থোৱা আছিল সাপটো ৷
এই ঘটনা প্ৰতক্ষ্য কৰাৰ বাবে গনেশ চবৰ নামৰ যুৱকজনক দেৱেন গোৱালাই হত্যা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে ৷ লোহাৰ ৰডেৰে আক্ৰমণ কৰি হত্যা কৰাৰ চেষ্টাৰ অভিযোগ কৰিছে গণেশে ৷ ইতিমধ্যে দেৱেনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে গণেশ ৷
১৭ অক্টোবৰৰ পৰা অচেতন অৱস্থাত আছিল গণেশ চবৰ। ঘটনা সন্দৰ্ভত জিনজিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে ৷ আৰক্ষীয়ে দেৱেন গোৱালাক আটক কৰি তদন্ত আৰম্ভ কৰিছে যদিও বৰদলৈ উপাধিৰ বন বিভাগৰ কৰ্মচাৰীজন এতিয়াও অহা নাই তদন্তৰ আওতালৈ ৷