অসম আৰক্ষীৰ উপ পৰিদৰ্শক (Sub Inspector) পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল (Question paper Leak) কৰি গ্ৰেপ্তাৰ হোৱা তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণক ৰাজ আতিথ্য দিছে নেকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH) আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই?
কুমাৰ সঞ্জিৎ কৃষ্ণক GMCHত পেয়িং কেবিন দিয়া আৰু অভিযুক্তৰ পৰা আগতীয়াকৈ সকলো ভাড়া লোৱা কাৰ্য্যত অসন্তুষ্ট গুৱাহাটী উচ্চ ন্যায়ালয় ৷ সমান্তৰালকৈ আৰক্ষীৰ দ্বাৰা ভাবুকিৰ পূৰ্বানুমান (threat assesment) নকৰাকৈ GMCH কতৃপক্ষই নিৰাপত্তাৰ দোহাই দি সঞ্জিৎ কৃষ্ণক পেয়িং কেবিন ভৰ্তি কৰোৱাক লৈও উচ্চ ন্যায়ালয় অসন্তুষ্ট ৷
বিগত জানুৱাৰী মাহৰ পৰা কুমাৰ সঞ্জিৎ কৃষ্ণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কঁকালৰ বিষ আৰু স্পণ্ডিলাইটিছত আক্ৰান্ত হৈ ভৰ্তি হৈ আছে ৷ আদালততে এছআই কেলেংকাৰী(SI Scam)ৰ অভিযুক্ত দিবন ডেকা, ৰুবুল হাজৰিকা, সুৰুজ শৰ্মা, ৰুপম দাস, প্ৰাক্তন ডিআইজি (DIG) পি কে দত্ত, হীৰা চৌধুৰী আৰু এছপি (SP) কুমাৰ সঞ্জিত কৃষ্ণৰ ন্যায়িক জিম্মাৰ অন্তত ভিডিঅ' কনফাৰেঞ্চৰ যোগে শুনানীৰ দিন দিছিল ৷ বাকী অভিযুক্তসকলে ভিডিঅ' কনফাৰেঞ্চৰ যোগে শুনানীত ভাগ লয় যদিও জে'ল কৰ্তৃপক্ষই আদালতত জনায় যে সঞ্জিত কৃষ্ণ GMCHত থকাৰ বাবে ভিডিঅ' কনফাৰেঞ্চত থাকিব নোৱাৰিলে ৷
আদালতে সমগ্ৰ বিষয়টোৰ ওপৰত জেল কৰ্তৃপক্ষ আৰু GMCH কৰ্তৃপক্ষক সমগ্ৰ বিষয়টোৰ তথ্য দিবলৈ নিৰ্দেশ দিয়ে ৷ তথ্যত পোহৰলৈ আহিল যে জে'ল কৰ্তৃপক্ষই আৰক্ষীক অৱগত নকৰাকৈয়ে পেয়িং কেবিনত ভৰ্তি কৰাইছিল কুমাৰ সঞ্জিত কৃষ্ণক ৷ এই কাৰ্যত ক্ষুণ্ণ হৈ পৰে গুৱাহাটী উচ্চ ন্যায়ালয় ৷ ন্যায়ালয়ে শীঘ্ৰে সঞ্জিত কৃষ্ণৰ threat assesment CID বা মহানগৰ আৰক্ষীৰ দ্বাৰা কৰোৱাৰ নিৰ্দেশনা দিয়ে ৷
সমান্তৰালকৈ GMCH কৰ্তৃপক্ষই সঞ্জিত কৃষ্ণৰ পৰা কেবিনৰ ভাড়া লোৱা কাৰ্যতো GMCH কৰ্তৃপক্ষক ভৎসনা কৰে ৷ এগৰাকী বিচাৰাধিন হাজোতিৰ চিকিৎসাৰ খৰচ বহন কৰিব লাগে জে'ল কৰ্তৃপক্ষই ৷ কিন্তু পেয়িং কেবিন দিয়াৰ পূৰ্বেই জিএমচিএইচ কৰ্তৃপক্ষই সঞ্জিত কৃষ্ণৰ পৰিয়ালৰপৰা আদায় কৰি লৈছিল আগধন ৷ এই ক্ষেত্ৰত আদালতে জে'ল কৰ্তৃপক্ষক নিৰ্দেশ দিছে যে সঞ্জিত কৃষ্ণৰ পেয়িং কেবিনৰ খৰছ বহন কৰিব নে নাই জনাব লাগে ৷ যদি বহন নকৰে তেন্তে সঞ্জিত কৃষ্ণক সাধাৰণ ৱাৰ্ডলৈ বদলি কৰিব লাগে ৷
কুমাৰ সঞ্জিত কৃষ্ণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে তদন্তকাৰী বিষয়াক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। আদালতে অহা ১২ জুলাইত সমগ্ৰ বিষয়টোৰ শুনানীৰ দিন ধায্য কৰিছে ৷ তেতিয়ালৈ সঞ্জিত কৃষ্ণক ন্যায়িক জিম্মাত থকাৰ নিৰ্দেশ দিয়ে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|