ভুৱা মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰি ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰা প্ৰৱঞ্চকৰ সংখ্যা এতিয়ালৈকে ৯লৈ বৃদ্ধি হৈছে। ৯ নম্বৰ প্ৰৱঞ্চকগৰাকী এগৰাকী মহিলা গাঁওবুঢ়া।
প্ৰৱঞ্চনা চক্ৰত নাম সাঙোৰ খাই পৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা মহিলা গাঁওবুঢ়াগৰাকীৰ ভুৱা মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই চক্ৰটোৱে প্ৰথমে মৃত লোকৰ সন্ধান উলিয়ায় আৰু তাৰ পিছত গাঁওবুঢ়াৰে মিলি জালিয়াতিৰে নথি প্ৰস্তুত কৰে। তাৰ পিছৰ পৰ্যায়ত লোকজনৰ নামত বেংকত একাউন্ট খুলি Insurance কৰে। কেইটামান কিস্তি চক্ৰটোৱে নিজে দিয়ে। ইয়াৰ পিছতে লোকজনৰ মৃত্যু হোৱা বুলি ইন্সুৰেঞ্চ ক্লেইম (insurance claim) কৰে চক্ৰটোৱে।
তেনেদৰে প্ৰৱঞ্চকৰ চক্ৰটোৱে বিভিন্ন বীমা প্ৰতিষ্ঠানক কৰি গৈছিল লুণ্ঠন। আজি ক্ৰাইম ব্ৰাঞ্চে ধীৰাজ দাস (ভঙাগড়, তৰুণ নগৰ), লতিফুৰ ৰহমান (বৰপেটা), মিণ্টু আলী (বৰপেটা), বাহাৰুল ইছলাম (বৰপেটা), ৰকিবুল শিকদাৰ (বৰপেটা), আবজাৰুল ৰহমান (বৰপেটা), গফুৰ আলী (বৰপেটা) আৰু মৃদুল হক (জাপৰিগোগ কৃষ্ণনগৰ) গ্ৰেপ্তাৰ কৰে। চক্ৰটোৰ লগত আৰু বহু লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।