• Home
  • »
  • News
  • »
  • crime
  • »
  • আকৌ জব্দ কৌটি টকাৰ নিচাযুক্ত দ্ৰব্য, গোসাঁইগাঁৱত আৰক্ষীৰ অভিযানত জব্দ কোটি টকাৰ গাঞ্জা

আকৌ জব্দ কৌটি টকাৰ নিচাযুক্ত দ্ৰব্য, গোসাঁইগাঁৱত আৰক্ষীৰ অভিযানত জব্দ কোটি টকাৰ গাঞ্জা

কেইদিনমান পূৰ্বে ৯ কোটি টকাৰ হেৰ'ইন জব্দ কৰাৰ পিছত শ্ৰীৰামপুৰ গেটত কোটি টকাৰ অধিক গাঞ্জা জব্দ কৰা হয়।

কেইদিনমান পূৰ্বে ৯ কোটি টকাৰ হেৰ'ইন জব্দ কৰাৰ পিছত শ্ৰীৰামপুৰ গেটত কোটি টকাৰ অধিক গাঞ্জা জব্দ কৰা হয়।

কেইদিনমান পূৰ্বে ৯ কোটি টকাৰ হেৰ'ইন জব্দ কৰাৰ পিছত শ্ৰীৰামপুৰ গেটত কোটি টকাৰ অধিক গাঞ্জা জব্দ কৰা হয়।

  • Share this:
নিত্য নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছ মাফিয়াসকলে নিচা জাতীয় দ্ৰব্য ৰাজ্যৰ মাজেৰে সৰবৰাহ কৰি আছে।  অসম আৰক্ষী কঠোৰ হোৱা স্বত্বেও ৰাষ্ট্ৰীয় ঘাই পথেৰে বহিঃৰাজ্যলৈ ড্ৰাগছ জাতীয় দ্ৰব্য সৰবৰাহ অব্যাহত আছে।  যোৱা ২৬ আগষ্টত গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাই পথত আৰক্ষীয়ে ৯ কোটি টকাৰ হেৰোইন জব্দ কৰাৰ লগতে হেৰোইন সৰবৰাহত জড়িত দুজনক আটক কৰিছিল। তাৰ পিছতে সোমবাৰে নিশা আকৌ শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা কোটি টকাৰ গাঞ্জাসহ এজনক আটক কৰে আৰক্ষীয়ে।

শ্ৰীৰামপুৰত আৰক্ষীয়ে চলোৱা অভিযানকালত এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। ট্ৰাকখনত মুঠ ৫০টা গাঞ্জাৰ পেকেট আছিল। জব্দ কৰা গাঞ্জাৰ মূল্য এক কোটি টকাৰ অধিক হ'ব বুলি জনাইছে আৰক্ষীয়ে। ট্ৰাকখনত কোনো সামগ্ৰী নাছিল যদিও ওপৰত থকা টিৰপালৰ ভিতৰত কৌশলেৰে ভাং কঢ়িয়াই লৈ গৈ আছিল ট্ৰাকখন। ট্ৰাকখন ত্ৰিপুৰাৰ পৰা বিহাৰ অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে।

ট্ৰাকৰ লগতে ট্ৰাক চালক জনক আটক কৰিছে আৰক্ষীয়ে। ট্ৰাক চালকজনৰ ঘৰ ত্ৰিপুৰাত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কেইদিনমান পূৰ্বে ৯ কোটি টকাৰ হেৰ'ইন জব্দ কৰাৰ পিছত একেস্থানত আজি কোটি টকাৰ অধিক গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।
Published by:Manjumoni Borah
First published: