পুনৰ আন এক দলবদ্ধ ধৰ্ষণ কাণ্ডৰ অভিযোগ (gang rape case complaint)। এইবাৰ স্থান মহানগৰীৰ পাৰ্শ্বৱৰ্তী বঙৰা। যুৱতীৰ পৰিয়ালে আজাৰা থানাত দিয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে বঙৰা পাচনীয়াপাৰাৰ ইনামূল হুছেইন, আব্দুল হানিফ, চৰিফুল আলী আৰু ইকৰাম হুছেইনক আটক কৰিছে।
আজাৰা আৰক্ষীয়ে (Azara police) ৬১৬/২১ নম্বৰত গোচৰ ৰুজু কৰি ৩৬৬/৩৭৬/৩৪ ধাৰাৰ অধীনত অভিযুক্ত চাৰি যুৱকক আদালতলৈ প্ৰেৰণ কৰে। অভিযোগ অনুসৰি, এই চাৰি যুৱকে কিছুদিন পূৰ্বে বঙৰাত পৰিয়ালৰ সৈতে থকা ভাৰাঘৰৰ পৰা কোনো নথকাৰ সুযোগ লৈ ৱাগনাৰ গাড়ীৰে (Wagner car) যুৱতীগৰাকীক (Girl) উঠাই আনি কিছু দূৰৈত জংঘলত ধৰ্ষণ (rape) কৰি এৰি থৈ যায়।
পিছত যুৱতীগৰাকীক অচেতন অৱস্থাত আত্মীয়ই জালুকবাৰীত উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে। যুৱতীগৰাকীয়ে সুস্থ হৈ ঘৰৰ লোকক ঘটনা সন্দৰ্ভত বিৱৰি কয়। তাৰ পিছত পৰিয়ালৰ লোকে আজাৰা থানাত এজাহাৰৰ দাখিল কৰে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিতেই এই চাৰি যুৱক এতিয়া ৰঙাঘৰৰ আলহী।
Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|