ক্ৰাইম বাঞ্চ (Crime Branch)ৰ এক অভিযানত শেহতীয়াকৈ প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য ৷ আপেল ব্যৱসায়ী (Apple Seller)ৰ বেশত গুৱাহাটীত বাহৰ পাতিছে একাংশ বাইক চোৰ (Bike Thief)ৰ এজেণ্ট। নামনি অসমৰ একাংশ বাইক চোৰে এই এজেণ্ট বোৰ নিয়োগ কৰে মহানগৰীৰ ভিন্ন প্ৰান্তত ৷ সেই এজেণ্টবোৰৰ তথ্যৰ ভিত্তিতে মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা বাইকবোৰ চুৰি কৰি জনি়য়া বৰপেটাৰ পৰা আৰম্ভ কৰি নামনি অসমৰ বহু চৰত কম দামত বিক্ৰী কৰি দিয়ে বাইকবোৰ ৷
সেই তথ্যৰ ভিত্তিত মহানগৰ যুটীয়া আৰক্ষী আয়ুক্তৰ নেতৃত্বত ক্ৰাইম বাঞ্চৰ এটা দলে বৰপেটা (Barpeta) জিলাৰ জনিয়া (Jania)ত অভিযান চলাই নয়নজ্যোতি কাকতি আৰু মতিউৰ ৰহমান নামৰ দুটা চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰে ৫খন চুৰি বাইক ৷
আৰক্ষীৰ সন্দেহ নামনি অসমৰ বহু চৰত এতিয়াও লুকুৱাই ৰখা হৈছে বহু চুৰি বাইক ৷ অচিৰে সেই সন্দেহ়যুক্ত চৰ সমুহত চুৰি বাইকৰ সন্ধানত অভিযান চলাব ক্ৰাইম বাঞ্চে ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : December 06, 2021, 20:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।