বৰপেটাৰ মাইলকুছিত দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷ এটা পৰিয়ালৰ সদস্যৰ ওপৰত প্ৰায় ২০ জনীয়া দুৰ্বৃত্তই আক্ৰমণ কৰে (Gang attack in Barpeta) ৷ আক্ৰমণত ৰফিকুল ইছলাম নামৰ এজন লোক থিতাতে নিহত হোৱাৰ লগতে ৰফিকুল ইছলামৰ পিতৃ-ভাতৃসহ আন তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে ৷ আহতসকল ক্ৰমে ৰমেজুদ্দিন, মাজনী বেগম আৰু হাছানুৰ আহমেদ ৷
আহতসকলৰ মাজৰ এজনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ বিপৰীতে আন দুগৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পতাল (barpeta medical college hospital)ত ভৰ্তি কৰোৱা হৈছে ৷ হাতে হাতে দা, লাঠি, ৰড আদি লৈ অহা দলটোৱে অকস্মাতে ৰমেজুদ্দিনৰ পৰিয়ালটোৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰে ৷ অতৰ্কিতে সংঘটিত দলবদ্ধ আক্ৰমণৰ ঘটনাত ৰমেজুদ্দিনৰ পুত্ৰ ৰফিকুল ইছলাম থিতাতে নিহত (One Death) হোৱাৰ লগতে পৰিয়ালৰ আন লোকসকল গুৰুতৰভাৱে আহত হয় ৷
সাধাৰণ কথাৰ গইনা লৈ ২০ জনীয়া দলটোৱে এনেদৰে ৰমেজুদ্দিনৰ ঘৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰে বুলি জানিব পৰা গৈছে ৷ আক্ৰমণকাৰীসকল একেখন গাঁওৰে বাসিন্দা আছিল। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।