• Home
  • »
  • News
  • »
  • crime
  • »
  • সান্ধ্য আইনৰ মাজতে ফেমিলী ৰেষ্টুৰেণ্টত জুৱাৰ বেহা। ফাৰ্মাচিষ্ট, কয়লা ব্যৱসায়ীসহ আটক ৭জন। 

সান্ধ্য আইনৰ মাজতে ফেমিলী ৰেষ্টুৰেণ্টত জুৱাৰ বেহা। ফাৰ্মাচিষ্ট, কয়লা ব্যৱসায়ীসহ আটক ৭জন। 

যোগীঘোপাত আৰক্ষীৰ জালত কয়লা ব্যৱসায়ী ৷ হোটেলৰ গোপন কোঠাত জুৱা খেলি আৰক্ষীৰ জালত পৰিল কয়লা ব্যৱসায়ী, ফাৰ্মাচিষ্টসহ সাতজন ৷

  • Share this:
এইবাৰ সান্ধ্য আইনৰ মাজত ফেমিলী ৰেষ্টুৰেণ্টত জুৱাৰ বেহা। যোগীঘোপাৰ ফেমিলী ৰেষ্টুৰেণ্ট এণ্ড ৰিজ’ৰ্টত চলোৱা আৰক্ষীৰ অভিযানত জুৱা খেলি থকা অৱস্থাতে হাতে লোটে গ্ৰেপ্তাৰ কৰিলে কেইবাটাও জুৱাৰীক।

ৰিজ’ৰ্টখনত জুৱাখেল চলি থকাৰ খবৰ লাভ কৰি জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলায় ৷ অভিযানত আৰক্ষীয়ে ছয়টা জুৱাৰীক কৰায়ত্ত কৰাৰ লগতে বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰে। আৰক্ষীয়ে নগদ ৪,৫৩,৮৯৭ টকাৰ লগতে ৩ খন বিলাসী বাহন আৰু ৬টা মোবাইল ফোন জব্দ কৰে।

আৰক্ষীয়ে দিলৱাৰ হুছেইন, চহিদুল হক,  চফিকুল ইছলাম, গণিৰুদ্দিন আহমেদ, মফিজুদ্দিন আহমেদ আৰু গৌতম তাঁতীক আটক কৰে। গৌতম তাঁতী স্বাস্থ্য বিভাগৰ ফাৰ্মাচিষ্ট আৰু আটকাধীন বাকীকেইটা কয়লা ব্যৱসায়ী বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ৰিজ’ৰ্টখনৰ মেনেজাৰ নজৰুল হককো আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।
Published by:Manjumoni Borah
First published: