মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»গহপুৰত গ্ৰেপ্তাৰ চাৰি নাৰী সৰবৰাহকাৰী, তিনিটাক জে'ললৈ প্ৰেৰণ, ক'ভিড আক্ৰান্ত এজনক ক'ভিড কেয়াৰ চেণ্টাৰলৈ।

গহপুৰত গ্ৰেপ্তাৰ চাৰি নাৰী সৰবৰাহকাৰী, তিনিটাক জে'ললৈ প্ৰেৰণ, ক'ভিড আক্ৰান্ত এজনক ক'ভিড কেয়াৰ চেণ্টাৰলৈ।

News18 Assam | News18-Assam
Updated:July 8, 2021, 7:50 PM IST
গহপুৰত গ্ৰেপ্তাৰ চাৰি নাৰী সৰবৰাহকাৰী, তিনিটাক জে'ললৈ প্ৰেৰণ, ক'ভিড আক্ৰান্ত এজনক ক'ভিড কেয়াৰ চেণ্টাৰলৈ।
পিলি নাৰ্জাৰী, মিৰিয়নি বেগম আৰু মহম্মদ জালালউদ্দিনক বিশ্বনাথ জে'ললৈ প্ৰেৰণ কৰাৰ বিপৰীতে ধৃত মাইকেল নায়কক ক'ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়।

পিলি নাৰ্জাৰী, মিৰিয়নি বেগম আৰু মহম্মদ জালালউদ্দিনক বিশ্বনাথ জে'ললৈ প্ৰেৰণ কৰাৰ বিপৰীতে ধৃত মাইকেল নায়কক ক'ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়।

  • Share this:
বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত টেটোনবাৰীৰ পৰা যোৱা ছয় জুলাইৰ পুৱা গ্ৰেপ্তাৰ হোৱা চাৰি গৰাকী নাৰী সৰবৰাহকাৰীৰ ভিতৰৰ তিনিগৰাকীক কালি বিশ্বনাথ জে'ল-হাজোতলৈ প্ৰেৰণ কৰে ঘাঁহিগাঁও আৰক্ষীয়ে।আনহাতে নাৰী সৰবৰাহকাৰী চক্ৰটোৰ পৰা উদ্ধাৰ কৰা দুই কিশোৰীক আইনী প্ৰক্ৰিয়াৰ মাজেৰে চমজি লৈছে পৰিয়ালৰ লোকে।

উল্লেখ্য যে ভয়াৱহ ক'ভিড পৰিস্থিতিৰ মাজতো ৰাজ্য খনত সক্ৰিয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ। তেনে এক নাৰী সৰবৰাহকাৰী চক্ৰক গহপুৰত আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে নাৰী সৰবৰাহকাৰী চক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ কৰে দুগৰাকী কিশোৰীক।

ঘটনা সন্দৰ্ভত আৰক্ষী সূত্ৰে জানিব পৰা মতে, গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত মৰাচেঙেলীৰ পিলি নাৰ্জাৰী আৰু হাতীমৰাৰ মাইকেল নায়কে যোৱা ছয় জুলাইৰ পুৱা দুগৰাকী কিশোৰীকএটা নাৰী সৰবৰাহকাৰী চক্ৰক গতাই দিয়াৰ অসৎ অভিপ্ৰায়েৰে চাইকেলত তুলি টেটোনবাৰীলৈ লৈ আহে। পিলি আৰু মাইকেলৰ লগত হোৱা পূৰ্বৰ বন্দোবস্তি অনুসৰি কিশোৰী দুগৰাকীক নিবলৈ টেটোনবাৰীত উপস্থিত হয় উত্তৰ লখিমপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জহিন কৈলামাৰীৰ মিৰিয়নী বেগম আৰু এক নং বৰছলাৰ মহম্মদ জালালউদ্দিন নামৰ দুই মানৱ সৰবৰাহকাৰী। এখন নম্বৰ প্লেটবিহীন গাড়ীৰে আহি টেটোনবাৰীত যোৱা ছয় জুলাইৰ পুৱা উপস্থিত হোৱা দুই নাৰী সৰবৰাহকাৰীয়ে পিলি আৰু মাইকেলৰ হাতৰ পৰা কিশোৰী দুগৰাকীক চমজি লৈ গাড়ীত উঠাবলৈ ধৰোতেই  ঘাঁহিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মদন প্ৰধানৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ।

পিলি আৰু মাইকেলে কিশোৰী দুগৰাকীক মোটা অংকৰ ধনৰ বিনিময়ত বিক্ৰী কৰিবৰ বাবে ফুচুলাই লৈ আহিছিল। অন্যহাতেদি মিৰিয়নি আৰু জালালউদ্দিনে কিশোৰী দুগৰাকীক অৰুণাচলীক অধিক টকাৰ বিনিময়ত বিক্ৰী কৰাৰ কথা আছিল। কিন্তু নাৰী সৰবৰাহকাৰী চক্ৰটোৰ এই ভয়ানক কৌশলৰ কথা আৰক্ষী বিষয়া মদন প্ৰধানে জানিব পাৰি চক্ৰটোক হাতেলোটে গ্ৰেপ্তাৰ কৰিবলৈ জাল পাতে আৰু আৰক্ষীৰ জালত বন্দী হয় আটাইকেইগৰাকী নাৰী সৰবৰাহকাৰী। লগতে সুস্থ অৱস্থাত উদ্ধাৰ হয় কিশোৰী দুগৰাকী।

ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ১৭৪/২১ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰা চাৰি নাৰী সৰবৰাহকাৰীৰ ভিতৰত পিলি নাৰ্জাৰী, মিৰিয়নি বেগম আৰু মহম্মদ জালালউদ্দিনক বিশ্বনাথ জে'ললৈ প্ৰেৰণ কৰাৰ বিপৰীতে ধৃত মাইকেল নায়কৰ ক'ভিড পজিটিভ ধৰা পৰাত তেওঁক আইনগত পদ্ধতিৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ ক'ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। ক'ভিড নিগেটিভ হোৱাৰ পিছত মাইকেলকো জে'ললৈ প্ৰেৰণ কৰা হ'ব বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিছে।
Published by: Manjumoni Borah
First published: July 8, 2021, 7:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি