মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»হাইপ্ৰফাইল প্ৰৱঞ্চক মৃদুপৱনে কেন্দ্ৰৰ গৃহ দপ্তৰৰ বিষয়া বুলি পৰিচয় দি কৰি গৈছিল ভিন্ন অপৰাধ, দেহৰক্ষীক মাৰাথন জেৰা

হাইপ্ৰফাইল প্ৰৱঞ্চক মৃদুপৱনে কেন্দ্ৰৰ গৃহ দপ্তৰৰ বিষয়া বুলি পৰিচয় দি কৰি গৈছিল ভিন্ন অপৰাধ, দেহৰক্ষীক মাৰাথন জেৰা

News18 Assam | News18-Assam
Updated:September 25, 2021, 8:25 PM IST
হাইপ্ৰফাইল প্ৰৱঞ্চক মৃদুপৱনে কেন্দ্ৰৰ গৃহ দপ্তৰৰ বিষয়া বুলি পৰিচয় দি কৰি গৈছিল ভিন্ন অপৰাধ, দেহৰক্ষীক মাৰাথন জেৰা
প্ৰৱঞ্চনাৰ ধনৰে ছেটেলাইট চেনেলো ক্ৰয়ৰ বাবে হৈছিল চুক্তিবদ্ধ

প্ৰৱঞ্চনাৰ ধনৰে ছেটেলাইট চেনেলো ক্ৰয়ৰ বাবে হৈছিল চুক্তিবদ্ধ

  • News18 Assam
  • Last Updated: September 25, 2021, 8:25 PM IST
  • Share this:

হাইপ্ৰফাইল প্ৰৱঞ্চক মৃদুপৱন নেওগৰ দেহৰক্ষী ৰাজেশ দীক্ষিত আৰু গাড়ীচালক বিছান বড়োক মাৰাথন জেৰা অব্যাহত ৰাখিছে নগাঁও সদৰ আৰক্ষীয়ে। নিজকে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ উচ্চপদস্থ বিষয়া বুলি পৰিচয় দিয়া মৃদুপৱন নেওগে এসময়ত আনকি আৰক্ষীৰ এছ পি পৰ্যায়ৰ বিষয়াকো ফাঁকি দি বিভিন্ন সুবিধা বিচাৰিছিল।


 চিনেমাৰ কায়দাত বিভিন্ন লোকক প্ৰৱঞ্চনা কৰা মৃদুপৱন নেওগে আজিৰ পৰা ৪ বছৰ আগতে অসমৰ এটা ছেটেলাইট চেনেল ক্ৰয় কৰাও চেষ্টা কৰিছিল। মৃদুপৱন কয়লাৰ ছিণ্ডিকেটৰ লগতো জড়িত থকাৰ অভিযোগ উঠিছিল। ২০০৯ চনতে ড্ৰাগছৰ গোচৰত অভিযুক্ত হোৱা মৃদুপৱন নেওগে অসমৰ পৰা মুম্বাইলৈ পলায়ন কৰিছিল।


দিল্লীত সেই সময়ত কংগ্ৰেছৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক লগ পোৱা মৃদুপৱনে হঠাৎ প্ৰতিপত্তিশীল হৈ পৰিছিল। ২০১৫ চনত অসমলৈ ঘূৰি অহা মৃদুপৱনে গুৱাহাটীৰ বহু নামী-দামী বিষয়াৰ ওচৰত নিজকে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ বিষয়া বুলিও পৰিচয় দিছিল।



২০১৬ চনত মৃদুপৱনে অসমৰ এটা ছেটেলাইট চেনেল ক্ৰয় কৰিবলৈ চুক্তিবদ্ধ হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁ চেনেলটোৰ মালিকীস্বত্ব লোৱাৰ পৰা বিৰত থাকে। কিন্তু ভাৰত চৰকাৰৰ গৃহ বিভাগৰ নাম লৈ মৃদুপৱনে বহু আৰক্ষী বিষয়াৰ সৈতে সম্পৰ্ক গঢ়ি তুলিলে।


মৃদুপৱন বহু উচ্চপদস্থ আৰক্ষী বিষয়াৰো ঘনিষ্ঠও হৈ পৰিল। এনে অৱস্থাত মৃদুপৱনৰ প্ৰৱঞ্চনাৰ জালৰ পৰা সাৰি যাব নোৱাৰিলে খোদ আৰক্ষী বিষয়াও। আৰক্ষীৰ এজন প্ৰাক্তন ডিআইজিৰ পৰাও মৃদুপৱনে ৭ লক্ষাধিক টকা প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠিছিল।


কোটি কোটি টকা প্ৰৱঞ্চনাৰে বিলাসী জীৱন-যাপন কৰা মৃদুপৱন নেওগে অৱশেষত নগাঁৱৰ এটি পুৰণি গাড়ী বিক্ৰী প্ৰতিষ্ঠানৰ পৰা ফৰচুনাৰ গাড়ী বিক্ৰীৰ নামত ৩০ লক্ষাধিক টকা আত্মসাৎ কৰাৰ পিছতে তেওঁৰ কু-কীৰ্তি সকলোৰে সন্মুখলৈ আহিছে। বৰ্তমান মৃদুপৱনক বিচাৰি নগাঁও আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে।

Published by: Gautam Barman
First published: September 25, 2021, 8:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি