உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • OIL-ত চাকৰি দিম বুলি লাখ লাখ টকা সৰকোৱা প্ৰৱঞ্চকক ৰাইজে আঁঠু কঢ়ালে ৰাজপথত

    OIL-ত চাকৰি দিম বুলি লাখ লাখ টকা সৰকোৱা প্ৰৱঞ্চকক ৰাইজে আঁঠু কঢ়ালে ৰাজপথত

    Fraud Arrest: নিজকে নুনমাটি শোধনাগাৰত কৰ্মৰত বুলি পৰিয় দিয়া বিবেক পাঠকে বিভিন্ন সময়ত প্ৰবঞ্চনাৰ জালত পেলাইছিল বহু নিবনুৱাক ৷

    Fraud Arrest: নিজকে নুনমাটি শোধনাগাৰত কৰ্মৰত বুলি পৰিয় দিয়া বিবেক পাঠকে বিভিন্ন সময়ত প্ৰবঞ্চনাৰ জালত পেলাইছিল বহু নিবনুৱাক ৷

    Fraud Arrest: নিজকে নুনমাটি শোধনাগাৰত কৰ্মৰত বুলি পৰিয় দিয়া বিবেক পাঠকে বিভিন্ন সময়ত প্ৰবঞ্চনাৰ জালত পেলাইছিল বহু নিবনুৱাক ৷

    • Share this:
    নিজকে নুনমাটি শোধনাগাৰ (Noonmati Refinary)ত কৰ্মৰত বুলি পৰিয় দিয়া বিবেক পাঠকে বিভিন্ন সময়ত প্ৰবঞ্চনাৰ জালত পেলাইছিল বহু নিবনুৱাক ৷ অভিযোগ মতে বিবেক পাঠকে অইল (OIL)ত চাকৰি দিয়াৰ নামত ১ৰ পৰা ৫লাখ টকা পৰ্যন্ত ধন সংগ্ৰহ কৰে একোজন প্ৰাথীৰ পৰা ৷ বহু সময়ত ভূৱা প্ৰশ্নকাকত উলিয়াই  OILৰ ভুৱা পৰীক্ষাও অনুষ্ঠিত কৰে এইজন মহাপ্ৰবঞ্চক (Fraud) বিবেক পাঠকে ৷ চাকৰি বঞ্চিত প্ৰাথীয়ে দিয়া ধন ঘূৰাই বিচাৰিলে বহু সময়ত সেই প্ৰাথীক দাবি ধমকিহে দিয়ে প্ৰবঞ্চক বিবেক পাঠকে ৷

    পিছে শনিবাৰে দিন বেয়া আছিল বিবেক পাঠকৰ ৷ ছয়মাইলত এগৰাকী প্ৰাৰ্থীৰ ইণ্টাৰভিউ ল'বলৈ আহি ৰুক্মিণীগাঁৱত ৰাইজৰ ৰোষত পৰিল বিবেক পাঠক ৷ একাংশ ভুক্তভোগীয়ে  কৰায়ত্ত কৰি আঁঠু কঢ়ালে ৰাজপথতে ৷ এটা সময়ত ভুক্তভোগী একাংশই আৰক্ষী হাতত গতাই দিয়ে প্ৰবঞ্চক বিবেক পাঠকক ৷

    অভিযুক্ত বিবেক পাঠকৰ মতে তেওঁ ৰিমা দাস আৰু বুবুল দাস নামৰ দুজন লোকৰ নিৰ্দেশতহে এনেদৰে টকা সংগ্ৰহ কৰি আহিছিল বিভিন্নজনৰ পৰা ৷ সম্প্ৰতি দিছপুৰ থানা (Dispur Police Station)ত বিবেক পাঠকক সোধা-পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ বিবেক পাঠকক ভালদৰে জেৰা কৰিলে হয়তো পোহৰলৈ আহিব এই চক্ৰৰে জড়িত আৰু বহু লোকৰ নাম ৷
    Published by:Manjumoni Borah
    First published: