মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»WhatsApp Fraud : হোৱাটছএপত দিলে বীমা পলিচী নবীকৰণৰ তথ্য, অধিক ৰিটাৰ্ণৰ টোপ দি প্ৰৱঞ্চকে লুটি নিলে অসমৰে শিক্ষকৰ ২২ লাখ ২৫ হাজাৰ টকা।

WhatsApp Fraud : হোৱাটছএপত দিলে বীমা পলিচী নবীকৰণৰ তথ্য, অধিক ৰিটাৰ্ণৰ টোপ দি প্ৰৱঞ্চকে লুটি নিলে অসমৰে শিক্ষকৰ ২২ লাখ ২৫ হাজাৰ টকা।

News18 Assam | News18-Assam
Updated:July 23, 2021, 9:00 PM IST
WhatsApp Fraud : হোৱাটছএপত দিলে বীমা পলিচী নবীকৰণৰ তথ্য, অধিক ৰিটাৰ্ণৰ টোপ দি প্ৰৱঞ্চকে লুটি নিলে অসমৰে শিক্ষকৰ ২২ লাখ ২৫ হাজাৰ টকা।
প্ৰচেছিং চাৰ্জ আৰু টেক্স দিয়াৰ নামত পৰ্যায়ক্ৰমে ধন সৰকোৱাৰ কৌশল ৰচনা কৰি প্ৰৱঞ্চক চক্ৰই শিক্ষকজনৰ পৰা সৰকাই নিয়ে মুঠ ২২ লাখ ২৫ হাজাৰ টকা।

প্ৰচেছিং চাৰ্জ আৰু টেক্স দিয়াৰ নামত পৰ্যায়ক্ৰমে ধন সৰকোৱাৰ কৌশল ৰচনা কৰি প্ৰৱঞ্চক চক্ৰই শিক্ষকজনৰ পৰা সৰকাই নিয়ে মুঠ ২২ লাখ ২৫ হাজাৰ টকা।

  • Share this:
প্ৰিমিয়াম লেপছ হোৱা  বীমা পলিচি নবীকৰণ (Insurance Policy Renewal) কৰি তিনি গুণ ধন আদায় দিয়াৰ টোপ গিলি সৰ্বস্বান্ত হ'ল গহপুৰৰ এগৰাকী শিক্ষক। গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত প্ৰাঞ্জল নগৰ নিবাসী তথা গহপুৰ কলেজিয়েট স্কুলৰ শিক্ষক গুণেন্দ্ৰ বৰা।

ঘটনাটো প্ৰায় ৭/৮ মাহ পুৰ্বেই সংঘটিত হৈছিল যদিও আজিহে সমগ্ৰ বিষয়টো পোহৰলৈ আহে। ঘটনা সন্দৰ্ভত শিক্ষক গুণেন্দ্ৰ বৰাই সংবাদ মাধ্যমক  জানিবলৈ দিয়া মতে, প্ৰায় ৭/৮ মাহ পূৰ্বে শ্ৰেণীকোঠাত পাঠদান কৰি থকা অৱস্থাত তেওঁলৈ এটা অচিনাকি নম্বৰৰ (Unknown Number) পৰা ফোনকল আহে। ফোনকলটোৰ জৰিয়তে অচিনাকি কণ্ঠৰ ব্যক্তি জনে তেওঁৰ প্ৰিমিয়াম লেপছ হোৱা  জীৱন বীমা পলিচি আছে নেকি বুলি জানিব বিচাৰে। উত্তৰত শিক্ষক গৰাকীয়ে এটা লেপছ হোৱা জীৱন বীমা পলিছি থকাৰ কথা অৱগত কৰে লোকজনক।

অচিনাকি লোকজনে তেওঁক উক্ত জীৱন বীমা পলিচি খনৰ ফটো মাৰি হোৱাটছএপ (WhatsApp)ৰ জৰিয়তে পঠাই দিবলৈ কয়। দুদিনৰ পিছত তেওঁলৈ উক্ত লোকজনে ফোন কৰি পলিচিটো ৰিভাইভ কৰিব পৰা যাব বুলি উল্লেখ কৰাৰ লগতে পূৰ্বতে ধাৰ্য কৰা মেছিউৰিটি ভেলুতকৈ (Maturity Value) অধিক টকা পাব বুলিও কয়। ইয়াৰ বাবে এখন ফৰমেট পূৰণ  কৰি  দিবলৈ কয় শিক্ষক গুণেন্দ্ৰ বৰাক। বৰাই ফৰমেট খন পূৰণ কৰি হোৱাটছ এপতে পঠিয়াই দিয়ে। এই প্ৰক্ৰিয়াটোৰ বাবে প্ৰথমে ২০ হাজাৰ টকা একাউণ্ট ট্ৰেন্সফাৰ (Bank Account Transfer) কৰি দিয়ে শিক্ষক গৰাকীয়ে । তাৰ পিছত মেছিউৰিটি ভেলুৰ মোটা অংকৰ লোভ দেখুৱাই দেখুৱাই প্ৰচেছিং চাৰ্জ আৰু টেক্স দিয়াৰ নামত তেওঁৰ পৰা পৰ্যায়ক্ৰমে ধন সৰকোৱাৰ কৌশল ৰচনা কৰি প্ৰৱঞ্চক চক্ৰটোৱে মুঠ ২২ লাখ ২৫ হাজাৰ টকা একাউণ্ট ট্ৰেন্সফাৰৰ জৰিয়তে শিক্ষকজনৰ পৰা সৰকাই নিয়ে।

এনেদৰে টকা ট্ৰেণ্সফাৰ কৰি কৰি সৰ্বস্বান্ত হৈ পৰা শিক্ষকগৰাকীয়ে পৰবৰ্তী সময়তহে  প্ৰবঞ্চকৰ জালত পৰা বুলি নিশ্চিত হয় ।ঘটনা সন্দৰ্ভত তেওঁ ন্যায় বিচাৰি গহপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। তদুপৰি তেওঁ সমগ্ৰ বিষয়টো আৰক্ষীৰ এগৰাকী উচ্চ পদস্থ বিষয়াকো  অবগত কৰে। আৰক্ষী বিষয়া গৰাকীয়ে বিষয়টো  বিশ্বনাথ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষকক অৱগত কৰি এক তদন্তৰ নিৰ্দেশ দিয়ে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত উক্ত প্ৰবঞ্চকৰ দলটোৰ মূল অভিযুক্ত হোজাইৰ জনৈক  ছহিদুল ইছলাম বুলি তথ্য উদঘাটন হয়।

আৰক্ষীয়ে ছহিদুলৰ নাম ঠিকনা উলিওৱাৰ লগতে তেওঁৰ ঘৰত গৈ উপস্থিত হৈছিল বুলি শিক্ষক গৰাকীয়ে জানিবলৈ দিয়ে যদিও এই পৰ্যন্ত ছহিদুলক আটক কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই। আৰক্ষীৰ তদন্তত অসুবিধা হোৱাৰ আশংকাত শিক্ষক গৰাকীয়ে সমগ্ৰ বিষয়টো গোপনে ৰাখিছিল  যদিও শেহতীয়াভাবে তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ বিষয়টোৰ প্ৰতি  গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস কৰিছে।
Published by: Manjumoni Borah
First published: July 23, 2021, 8:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি