உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Fraud Father-Daughter Arrest : চাকৰিৰ নামত ৮ লাখ টকা লৈ আৰক্ষীৰ জালত পিতৃ-কন্যা, জালত ৪ প্ৰৱঞ্চক, বেংক প্ৰৱন্ধককো আটক

    Fraud Father-Daughter Arrest : চাকৰিৰ নামত ৮ লাখ টকা লৈ আৰক্ষীৰ জালত পিতৃ-কন্যা, জালত ৪ প্ৰৱঞ্চক, বেংক প্ৰৱন্ধককো আটক

    Fraud Father-Daughter Arrest : ভাৰতীয় খাদ্য নিগমত চাকৰি দিয়াৰ নামত গোৱালপাৰাৰ দিব্যেন্দু সান্যাল নামৰ যুৱকজনৰ পৰা নগাঁৱৰ প্ৰদীপ সৰকাৰে ৮ লাখ টকা উৎকোচ লৈছিল।

    Fraud Father-Daughter Arrest : ভাৰতীয় খাদ্য নিগমত চাকৰি দিয়াৰ নামত গোৱালপাৰাৰ দিব্যেন্দু সান্যাল নামৰ যুৱকজনৰ পৰা নগাঁৱৰ প্ৰদীপ সৰকাৰে ৮ লাখ টকা উৎকোচ লৈছিল।

    Fraud Father-Daughter Arrest : ভাৰতীয় খাদ্য নিগমত চাকৰি দিয়াৰ নামত গোৱালপাৰাৰ দিব্যেন্দু সান্যাল নামৰ যুৱকজনৰ পৰা নগাঁৱৰ প্ৰদীপ সৰকাৰে ৮ লাখ টকা উৎকোচ লৈছিল।

    • Share this:
    ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই দালালৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে দালালৰ দপদপনি। মঙলবাৰে চাকৰিৰ নামত ধন সংগ্ৰহ কৰি নগাঁৱত গ্ৰেপ্তাৰ হৈছে পিতৃ-কন্যা। ভাৰতীয় খাদ্য নিগম (FCI)ত চাকৰি দিয়াৰ নামত গোৱালপাৰাৰ দিব্যেন্দু সান্যাল নামৰ যুৱকজনৰ পৰা নগাঁৱৰ প্ৰদীপ সৰকাৰে ৮ লাখ টকা উৎকোচ (Cash Against Job) লৈছিল।

    প্ৰদীপ সৰকাৰে দিব্যেন্দুক চাকৰিৰ প্ৰশিক্ষণৰ বাবে ঝাৰখণ্ডলৈ পঠাইছিল আৰু প্ৰশিক্ষণ শেষ হোৱাৰ পাছত অসমত ভাৰতীয় খাদ্য নিগমত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু প্ৰশিক্ষণ শেষ হোৱাৰ পিছতো চাকৰি নিদিয়াত প্ৰদীপ সৰকাৰৰ ওপৰত সন্দেহ হয় দিব্যেন্দুৰ।

    মঙলবাৰে দিব্যেন্দু আৰু দিব্যেন্দুৰ মাতৃয়ে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra)ৰ ওচৰত প্ৰদীপ সৰকাৰৰ বিৰুদ্ধে অভিযোগ দিয়ে। অভিযোগৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে প্ৰদীপ সৰকাৰ আৰু প্ৰদীপ সৰকাৰৰ কন্যাক ফৌজদাৰীপট্টিৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে প্ৰদীপ সৰকাৰৰ বাসগৃহৰ পৰা বহুতো আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিছে। বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীক ৰে'ল বিভাগ আৰু ভাৰতীয় খাদ্য নিগমত চাকৰিৰ দিয়াৰ নামত কেইবালাখ টকা উৎকোচ লোৱাৰো অভিযোগ উত্থাপিত হৈছে প্ৰদীপ সৰকাৰ আৰু পাপৰি সৰকাৰৰ বিৰুদ্ধে।

    ইপিনে নগাঁৱৰ পঞ্জাৱ নেচনেল বেংক (Punjab National Bank)ত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা দুটা দালালকো আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লিটন দাস আৰু জ্যোতি পণ্ডিত নামৰ দুটা দালালক বিশেষ শাখাৰ আৰক্ষীৰ এটা দলে নতুনবজাৰস্থিত বেংকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    নগাঁও আৰক্ষীয়ে সোধপোছৰ বাবে পাঞ্জাৱ নেচনেল বেংকৰ ক্ষেত্ৰীয় শাখাৰ প্ৰৱন্ধক গৰাকীকো আটক কৰিছে।
    Published by:Manjumoni Borah
    First published: