প্ৰৱঞ্চকেৰে ভৰি পৰিছে গুৱাহাটী মহানগৰী। একাংশ দুষ্ট প্ৰকৃতিৰ লোকে ধন লুটিবলৈ নিতৌ অৱলম্বন কৰিছে ন ন কৌশলৰ। মহানগৰী নাৰেংগীৰ কলংপাৰ বজাৰত শাক পাচলি ক্ৰয় কৰাৰ নামত দীৰ্ঘদিন ধৰি ক্ষুদ্ৰ ব্যৱসায়ী সকলে পৰা ধন লুট কৰা এজন প্ৰৱঞ্চক আৰক্ষীৰ জালত পৰে। ধৃত প্ৰৱঞ্চক জন হৈছে নৱ দাস।

উল্লেখ্য যে, নাৰেংগীৰ কলংপাৰ বজাৰত বিগত কেইমাহমান ধৰি এজন যুৱকে মুখত ৰুমাল বান্ধি আহি শাক পাচলি ক্ৰয় কৰি পাচশ টকীয়া নোট দেখুৱাই খুচুৰা নাই বুলি চাৰিশ টকা লৈ পাচশ টকা দি আছো বুলি কৈ নিজৰ AS 01 EK 9277 নম্বৰৰ মটৰ চাইকেল খনত বহি পলায়ন কৰে। এই পন্থা অৱলম্বন কৰি প্ৰৱঞ্চকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ বিভিন্ন ব্যৱসায়ীৰ পৰা ধন লুট কৰি আহিছিল কলংপাৰ বজাৰত । সেই বিষয়ে বজাৰ কমিতিক অৱগত কৰোৱাত কলংপাৰ বজাৰৰ ব্যৱসায়ী সকল প্ৰৱঞ্চকজনক কৰায়ত্ত কৰিবলৈ সজাগ হৈ আছিল। মঙ্গলবাৰে পুৱাৰ ভাগত AS 01 EK 9277 নম্বৰৰ মটৰ চাইকেলখন লৈ প্ৰৱঞ্চকজনে বজাৰত একেই কৌশলেৰে ধন লুট কৰিবলৈ চেষ্টা কৰে। সবিতা চাহানি নামৰ এগৰাকী ব্যৱসায়ীৰ পৰা শাক পাচলি ক্ৰয় কৰি চাৰিশ টকা লৈ পলায়নৰ চেষ্টা কৰাৰ সময়তে ব্যৱসায়ী সকলে প্ৰৱঞ্চক জনক কৰায়ত্ত কৰি উত্তম মাধ্যম শোধাই নুনমাটি আৰক্ষীক গতাই দিয়ে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|