• Home
  • »
  • News
  • »
  • crime
  • »
  • Chirang : শীৰ্ষ বিষয়াৰ মোহৰ, চহী জালিয়াতি কৰি প্ৰৱঞ্চনা, চিৰাঙত আটক এজন

Chirang : শীৰ্ষ বিষয়াৰ মোহৰ, চহী জালিয়াতি কৰি প্ৰৱঞ্চনা, চিৰাঙত আটক এজন

চিৰাঙত নকল সোণসহ চাৰিজনক আটক কৰে।

চিৰাঙত নকল সোণসহ চাৰিজনক আটক কৰে।

চিৰাঙত নকল সোণসহ চাৰিজনক আটক কৰে।

  • Share this:
চিৰাং জিলাৰ বিজনীৰ কাৱাটিকাত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় এটা প্ৰৱঞ্চক।ফুলকুমাৰী নিৱাসী তাপস মণ্ডল নামৰ প্ৰৱঞ্চকজনে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ ষ্টাম্প, চহী জালিয়াতি কৰি চলাই গৈছিল প্ৰৱঞ্চনাৰ অবৈধ বেহা। আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানটোত ধৃত তাপস মণ্ডলৰ পৰা ১৩টাকৈ বিভিন্ন শীৰ্ষ বিষয়াৰ মোহৰ, AS 01EP 9555 নম্বৰৰ এখন এল্টো বাহন, বিভিন্ন ধৰণৰ আপত্তিজনক নথি পত্ৰ জব্দ কৰা হয়।

জব্দকৃত মোহৰসমূহৰ মাজত আছে বিজনীৰ চক্ৰ বিষয়া, বড়ো বাজাৰ খণ্ড উন্নয়ন বিষয়া, SSB ৰ 54নং বেটেলিয়নৰ কমানডেণ্ট অফিচাৰ, ITBP ৰ চত্তিশগড়ৰ কামাণ্ডিং অফিচাৰ, চিৰাং জিলা কৃষি বিষয়াকে আদি কৰি বিভিন্ন শীৰ্ষ বিষয়াৰ মোহৰ। এইক্ষেত্ৰত বিজনীৰ আৰক্ষীয়ে 151/22 নম্বৰত গোচৰ ৰুজু কৰি জে'ললৈ প্ৰেৰণ কৰে ধৃত তাপস মণ্ডলক।

নকল সোণ জব্দ

ইয়াৰ লগতে চিৰাং জিলাৰ বিজনীৰ পাণবাৰী থানাৰ অন্তৰ্গত পালেংবাৰী পাণবাৰী পথত কালি নিশা পাণবাৰী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই নকল সোণসহ চাৰিজনক আটক কৰে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ পৰা কুমুৰ উদ্দিন (৩৪), শুকুৰ আলী (৩০), হাফিজুৰ মুল্লাহ (২৫), ৰফিকুল ইছলামে (১৯) পালেংবাৰীত বিক্ৰী কৰিবলৈ আনিছিল সোণখিনি। আৰক্ষীয়ে দুটা টুকুৰা ৬৮০ গ্ৰাম ওজনৰ নকল সোণ, ১৫০০ টকা তিনিটা মোবাইলসহ চাৰিজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি