বাচন ধুবলৈ কৈছিল মাতৃয়ে। কন্যাই বাচন ধুবলৈ অস্বীকাৰ কৰাত মাতৃয়ে অলপ গালিও দিছিল। আৰু কথাৰ কটাকটিৰ মাজতে ফ্ৰায়িং পেনেৰে কবাই মাতৃক হত্যা কৰিলে ১৪ বছৰীয়া কন্যাই। এই নৃশংস ঘটনা সংঘটিত হ’ল উত্তৰ প্ৰদেশৰ নয়দাত। ইতিমধ্যে অভিযুক্ত নাবালিকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
কিশোৰীগৰাকীৰ বিৰুদ্ধে ৩০৪ ধাৰাত অনিচ্ছাকৃত হত্যাৰ অভিযোগত গোচৰ ৰুজু কৰিছে আৰক্ষীয়।
জানিব পৰা মতে, নয়দাৰ ছেক্টৰ ৭৭ৰ বাসিন্দা কিশোৰীগৰাকীয়ে দেওবাৰে নিশা কিশোৰীগৰাকীয়ে প্ৰতিৱেশীক নিজৰ ফ্লেটলৈ মাতি আনে। কিশোৰীগৰাকীয়ে কয়, মাতৃৰ মূৰত গুৰুতৰ আঘাত লাগিছে। সেই সময়ত ঘৰৰ ভিতৰতে ৰক্তাক্ত অৱস্থাত পৰি আছিল মহিলাগৰাকী। প্ৰতিৱেশীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি কিশোৰীগৰাকীক সোধা–পোছা কৰে। প্ৰথমে কিশোৰীগৰাকীয়ে কয় যে বিয়লি ঘৰলৈ উভতি আহি মাতৃক ঘৰৰ ভিতৰত ৰক্তাক্ত অৱস্থাত পৰি থকা দেখে। কিন্তু চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ লগতে প্ৰতিৱেশীৰ সৈতে কথা পাতি সেই সময়ত বাহিৰৰ পৰা কোনো লোক সেই ঘৰটোত প্ৰৱেশ কৰা নাছিল বুলি প্ৰমাণ হয়। ইয়াৰ পিছত আৰক্ষীৰ জেৰাত কিশোৰীগৰাকীয়ে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে।
এগৰাকী আৰক্ষী বিষয়াই কয়, ‘মহিলাগৰাকীয়ে কন্যাক বাচন ধুই দিয়াৰ কথা কৈছিল। কিন্তু কন্যাই সেই কাম কৰিবলৈ সন্মত হোৱা নাছিল। ফলত দুয়োৰে মাজত তৰ্কাতৰ্কি হয়। তেতিয়াই মাতৃক ফ্ৰায়িং পেনেৰে প্ৰহাৰ কৰিবলৈ লয় কিশোৰীগৰাকীয়ে।’ কিশোৰীগৰাকীয়ে নিজেও এই কথা স্বীকাৰ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|