অনলাইন গেম (Online Games)ৰ নামত শিৱসাগৰত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। অনলাইন মোবাইল গেম (Mobile Games) খেলিবলৈ ১৯ লাখ টকা (Rs 19 Lakhs) চুৰি কৰিলে মাকৰ একাউণ্টৰ পৰা। এজন নাবালক আৰু তিনি কিশোৰসহ চাৰিজনে সৰকালে ১৯ লাখ টকা। মাতৃৰ বেংক একাউণ্টৰ পৰাই এটি নাবালকে তিনি কিশোৰৰ সহযোগত সৰকালে এই বৃহৎ পৰিমাণৰ ধনৰাশি।
আই চি আই চি আই বেংক (ICICI Bank) একাউণ্টৰ পৰা হেক (Bank Account Hack) কৰি সৰকাইছিল এই বিশাল ধনৰাশি।
ঘটনা সন্দৰ্ভত চাৰিওজনক আটক কৰিছে শিৱসাগৰ (Sivasagar) আৰক্ষীয়ে। শিৱসাগৰ সদৰ থানাত ৰুজু কৰা এটা গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ IPC 420/406 ধাৰাৰ অধীনত চাৰিওজনক আটক কৰা হয়। আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|