গাড়ীচালকক বিস্কুটৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই সংজ্ঞাহীন কৰি ঘাইপথত পেলাই থৈ এখন চাৰিচকীয়া বাহন লুট কৰি নিয়াৰ ঘটনা পোহৰলৈ আহিছে। গুৱাহাটীৰ পৰা লক্ষীমপুৰলৈ ভাড়া কৰি নিয়া গাড়ীখনৰ চালকক লক্ষীমপুৰৰ লালুক অঞ্চলৰ পেট্ৰ'ল পাম্পৰ ওচৰত বিস্কুটৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই সংজ্ঞাহীন কৰি গাড়ী লৈ উধাও হয় গাড়ীচোৰ চক্ৰ।
দুদিনৰ মূৰত সংজ্ঞা ঘূৰাই পাই ঘৰলৈ উভতি অহা চালকগৰাকীয়ে অভিযোগ কৰা মতে, এই সংক্ৰান্তত তেওঁ লালুক আৰক্ষীয়ে কোনোধৰণৰ সহায় আগবঢ়োৱা নাছিল। ইতিমধ্যে গাড়ীচোৰৰ বিৰুদ্ধে চি চি কেমেৰাৰ ফুটেজ সংলগ্ন কৰি এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ভুক্তভোগী চালকজনে অভিযোগ উত্থাপন কৰে।
উল্লেখ্য যে মহানগৰীৰ আমচিং যোৰাবাটৰ বাসিন্দা আইনুল হকে AS 01 LC 8563 নম্বৰৰ গাড়ীখন ক্ৰয় কৰি নিজে গাড়ী চলাই ছয়জনীয়া পৰিয়ালটোক পোহপাল দি আছিল। যোৱা ৪ ছেপ্টেম্বৰত দুজন লোকে আইনুল হকৰ গাড়ীখন জালুকবাৰী আৰক্ষী চকীৰ সন্মুখৰ পৰা লখিমপুৰলৈ ভাড়ালৈ নিয়ে। লক্ষীমপুৰৰ লালুক অঞ্চলৰ এটা পেট্ৰ'ল পাম্পত তেল ভৰাবলৈ প্ৰৱেশ কৰি বিভিন্ন অজুহাতত পেট্ৰ'ল পাম্পটোত আধা ঘন্টাৰো অধিক সময় অতিবাহিত কৰে। পেট্ৰল পাম্পৰ সমীপতে গাড়ীচালকজনক দুই দুৰ্বৃত্তই বিস্কুট খাবলৈ দিয়ে । বিস্কুট খোৱাৰ পিছত আইনুল হকে সংজ্ঞাহীন হৈ পৰে আৰু গাড়ীৰ ভিতৰত শুই পৰে।
ইয়াৰ পিছত দুৰ্বৃত্তৰ দলটোৱে গাড়ীখন লৈ কিছুদূৰ গৈ ঘাইপথৰ দাঁতিত চালকজনক পেলাই থৈ গাড়ী লৈ উধাও হয়। বিগত দুদিন ধৰি ঘাই পথত সংজ্ঞাহীন অৱস্থাত পৰি থকা চালকজনে ৬ ছেপ্টেম্বৰত সংজ্ঞা ঘূৰাই পাই কোনোমতে লালুক থানাৰ কাষ চাপে । কিন্তু লালুক থানাৰ আৰক্ষীয়ে চালকজনক কোনো গুৰুত্ব প্ৰদান নকৰিলে।
উপায়হীন হৈ অৰ্ধচেতন চালকজনে কোনোমতে গুৱাহাটী অভিমুখি এখন বাছত উঠি আমচিং যোৰাবাটৰ ঘৰলৈ আহে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে প্রথমে সাতগাঁও থানাত আৰু পিছত জালুকবাৰী চকীত চি চি টিভিৰ ফুটেজসহ এজাহাৰৰ দাখিল কৰে যদিও আৰক্ষীয়ে এতিয়ালৈকে অপৰাধী আৰু গাড়ীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।