পশ্চিম কাৰ্বি জিলাৰ আৰক্ষী অধীক্ষক আজাগৌৰান বসুমতাৰীৰ নেতৃত্বত জিলাখনত গৰুৰ চোৰাং বেহা চলোৱা চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। উক্ত অভিযানৰ ফলত আজি পুৱতিনিশা হামৰেনত আৰক্ষীয়ে গৰুৰ চোৰাং বেহা চলোৱা সৰবৰাহকাৰীৰ বিৰুদ্ধে লাভ কৰিছে সফলতা।
এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে AS-02BC-9386 আৰু AS-03CC-0253 নম্বৰৰ গৰু কঢ়িওৱা দুখন গাড়ী। জিলাখনৰ আৰক্ষী অধীক্ষক আজাগৌৰান বসুমতাৰীৰ নেতৃত্বত চলোৱা অভিযানত গাড়ী দুখনৰ পৰা জব্দ কৰা হৈছে ২০টা গৰু।
লগতে গৰু সৰবৰাহকাৰী মহিলাসহ চাৰিগৰাকী ব্যক্তিক কৰা হৈছে আটক। আটক কৰা হৈছে ৰিয়াজ উদ্দীন,ৰবিনা বেগম, বদৰউদ্দিন আৰু ৰাহুল আমিন। আটকাধীন লোককেইগৰাকীয়ে গৰুবোৰ লুটুমাৰীৰ পৰা মেঘালয়লৈ নিয়াৰ পথত আৰক্ষীয়ে জব্দ কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|