• Home
  • »
  • News
  • »
  • crime
  • »
  • Gecko Smuggling: চলি আছে কেঁকোৰ সৰবৰাহ! অসমৰ পৰা পশ্চিম বংগলৈ নিয়া অৱস্থাত আটক ৪

Gecko Smuggling: চলি আছে কেঁকোৰ সৰবৰাহ! অসমৰ পৰা পশ্চিম বংগলৈ নিয়া অৱস্থাত আটক ৪

উদ্ধাৰকৃত কেঁকোৰ বজাৰ মূল্য ষাঠি লাখ টকা হ'ব বুলি বন বিভাগে জানিবলৈ দিয়ে।

উদ্ধাৰকৃত কেঁকোৰ বজাৰ মূল্য ষাঠি লাখ টকা হ'ব বুলি বন বিভাগে জানিবলৈ দিয়ে।

উদ্ধাৰকৃত কেঁকোৰ বজাৰ মূল্য ষাঠি লাখ টকা হ'ব বুলি বন বিভাগে জানিবলৈ দিয়ে।

  • Share this:

কেঁকো সাপৰ চোৰাং সাম্ৰাজ্য এখন গঢ় লৈ উঠিছে উত্তৰ–পূৰ্বাঞ্চলত। অবৈধ ব্যৱসায় আৰু সৰবৰাহ অব্যাহত আছে অসম আৰু পশ্চিমবংগৰ বিভিন্ন অঞ্চলত। সোমবাৰে অসমৰ পৰা পশ্চিমবংগত কেঁকো সৰবৰাহ কৰাৰ সময়ত পশ্চিম বংগৰ বন বিভাগৰ হাতত আটক হয় চাৰিজনকৈ চোৰাং চিকাৰী।


এক গোপন তথ্যৰ ভিত্তিত পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ কুমাৰগ্ৰাম থানাৰ বাৰোবিশা তালাচী চকীত বন বিভাগে চাৰিডাল কেঁকোসহ চাৰিজন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰাং ব্যৱসায়ী চাৰিজন হ'ল আলিপুৰদুৱাৰ জিলাৰ জয়গাঁৱৰ ৰবিদুৱাল ইছলাম, জামিনুৰ ইছলাম, আব্দুল গণি আৰু বড়াগাড়ী গাঁৱৰ ৰুহি দাস।


কেঁকো সৰবৰাহত চোৰাং বেপাৰীয়ে ব্যৱহাৰ কৰা এখন এল্ট' গাড়ী বন বিভাগে জব্দ কৰে। উদ্ধাৰকৃত কেঁকোৰ বজাৰ মূল্য ষাঠি লাখ টকা হ'ব বুলি পশ্চিম বংগৰ বন বিভাগে জানিবলৈ দিয়ে।বন বিভাগৰ বিষয়াসকলে কেঁকো সাপ চোৰাং সৰবৰাহৰ লগত জড়িত ধৃত চাৰিজনক সোধা–পোছা অব্যাহত ৰাখিছে অধিক তথ্য উদ্ধাৰৰ বাবে।

Published by:Gautam Barman
First published: