உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • নাজিৰাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান, নতুন কৌশলেৰে ড্ৰাগছ সৰবৰাহ কৰা চাৰি ড্ৰাগছ ব্যৱসায়ী আটক

    নাজিৰাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান, নতুন কৌশলেৰে ড্ৰাগছ সৰবৰাহ কৰা চাৰি ড্ৰাগছ ব্যৱসায়ী আটক

    Drugs paddler arrested at Nazira: এখন ডাম্পাৰ, এখন এল্ট' গাড়ীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ ।  

    Drugs paddler arrested at Nazira: এখন ডাম্পাৰ, এখন এল্ট' গাড়ীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ ।  

    Drugs paddler arrested at Nazira: এখন ডাম্পাৰ, এখন এল্ট' গাড়ীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ ।  

    • Share this:
    অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি ৰখাৰ সময়তে নাজিৰাৰ বিহুবৰত আৰক্ষীৰ জালত পৰিল চাৰিটাকৈ ড্ৰাগছ ব্যৱসায়ী৷ ঘটনাটোৰ পিছতে পোহৰলৈ আহে ড্ৰাগছ সৰবৰাহৰ নতুন কৌশলৰ বিষয়ে। এই নতুন কৌশল অনুযায়ী অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত ডাম্পাৰ গাড়ীচালকৰ যোগেদি ড্ৰাগছৰ সৰবৰাহ কৰিছিল ড্ৰাগছ ব্যৱসায়ীয়ে (drugs supplied through dumper drivers in the assam-Nagaland border area)।

    নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ (Nazira Police) নেতৃত্বত আজি পুৱাৰে পৰা গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চন্টক, বিহুবৰত  অভিযান চলাই চাৰিজন ড্ৰাগছ ব্যৱসায়ী আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। এই অভিযানত আৰক্ষীয়ে বহু পৰিমাণৰ (৮টা প্লাষ্টিকৰ কন্টেনাৰ)নিষিদ্ধ ড্ৰাগছৰ লগতে চাৰিটা মোবাইল হেণ্ডচেটসহ নগদ ১৬,০০০ টকা আৰু ড্ৰাগছ সৰবৰাহত জড়িত এখন ডাম্পাৰ আৰু এখন এল্ট' জব্দ কৰে (drugs paddler arrested at Nazira) ।

    আৰক্ষীয়ে জব্দ কৰা ডাম্পাৰখনৰ নম্বৰ AS03BC9383 আৰু এল্ট' বাহনখনৰ নম্বৰ AS04N5118। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ ব্যৱসায়ীকেইজন ক্ৰমে বিহুবৰৰ আব্দুল চুকুৰ খা, বিতু আলী আৰু টীয়কৰ আজিজুৰ হুছেইন। এই তিনিগৰাকী ব্যৱসায়ীয়ে এখন এল্ট' বাহনৰ জৰিয়তে সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ। ইয়াৰ উপৰি ড্ৰাগছ সৰবৰাহত সহায় কৰা ডাম্পাৰ চালক নকুল দুৱৰাকো আটক  কৰে আৰক্ষীয়ে ।
    Published by:Gautam Barman
    First published: