• Home
  • »
  • News
  • »
  • crime
  • »
  • Drugs : জন্মদিনৰ পাৰ্টীত আকৌ ড্ৰাগছ ! গুৱাহাটীত পুনৰ ৪ জনক আটক।

Drugs : জন্মদিনৰ পাৰ্টীত আকৌ ড্ৰাগছ ! গুৱাহাটীত পুনৰ ৪ জনক আটক।

গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ জনী আলী নামৰ লোক জনৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়াকেইটা ক্ৰমে জনী আলী, আলটাফ উদ্দিন লস্কৰ, অশোক ছেত্ৰী আৰু ৰাহুল দাস।

  • Share this:
গুৱাহাটীত যেন আৰম্ভ হৈছে এক নতুন ট্ৰেণ্ড। জন্মদিৰ পাৰ্টী মানেই যে একাংশৰ বাবে হৈ পৰিছে ড্ৰাগছৰ বাহাৰ। কিছিুদিন পূৰ্বে গুৱাহাটীৰ খাৰঘূলীত জন্মদিনত ৰেভ পাৰ্টীৰ আয়োজন কৰি ১৮ গৰাকী যুৱক-যুৱতী আটক হোৱাৰ পিছত পুনৰ জন্মদিনৰ পাৰ্টীত ড্ৰাগছৰ  সেৱন কৰি আৰক্ষীৰ জালত পৰিল চাৰিজন ড্ৰাগছ মাফিয়া।

গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ জনী আলী নামৰ লোক জনৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়াকেইটা ক্ৰমে জনী আলী, আলটাফ উদ্দিন লস্কৰ, অশোক ছেত্ৰী আৰু ৰাহুল দাস। ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে ২.৭৯ গ্ৰাম হেৰ'ইন, ২৮টা কণ্টাইনাৰ, দুটা ৰাইফল আৰু সাতটা মোবাইল ফোন জব্দ কৰে।

ধৃত জনী আলিয়ে ঘৰৰ পৰাই ড্ৰাগছৰ ব্যৱসায় চলাই আছিল। গোপন তথ্যৰ ভিত্তিত চান্দমাৰী আৰক্ষী আৰু SOGৰ দলে দক্ষিণ শৰণীয়াত অভিযান চলাই ড্ৰাগছ মাফিয়া কেইটাক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, জনী আলী নামৰ  ড্ৰাগছ মাফিয়া পূৰ্বে হত্যাকাণ্ডৰ গোচৰ এটাতো অভিযুক্ত আছিল।
Published by:Manjumoni Borah
First published: