• Home
  • »
  • News
  • »
  • crime
  • »
  • Minor Rape Case Verdict : ঘৰত বনকৰা নাবালিকাক ধৰ্ষণ, এইজন প্ৰাক্তন বিধায়কক ২৫ বছৰৰ কাৰাদণ্ড

Minor Rape Case Verdict : ঘৰত বনকৰা নাবালিকাক ধৰ্ষণ, এইজন প্ৰাক্তন বিধায়কক ২৫ বছৰৰ কাৰাদণ্ড

Julius Dorphang, Ex MLA, Meghalaya

Julius Dorphang, Ex MLA, Meghalaya

২০১৭ চনত বিধায়ক হৈ থকাৰ সময়তে জুলিয়াছ দৰফাঙ (Julius Dorphang)ৰ বিৰুদ্ধে ঘৰত বনকৰা ১৪ বছৰীয়া নাবালিকাক ধৰ্ষণৰ (Minor Rape Case) অভিযোগ উত্থাপন হৈছিল। মেঘালয় আৰক্ষীয়ে গুৱাহাটী ISBTৰ পৰা দৰফাঙক গ্ৰেপ্তাৰ কৰিছিল।

  • Share this:
১৪ বছৰীয়া ঘৰত বনকৰা নাবালিকাক ধৰ্ষণৰ গোচৰত ২৫ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হৈছে মেঘালয়ৰ এজন প্ৰাক্তন বিধায়ক। অভিযুক্ত প্ৰাক্তন বিধায়কজন হৈছে জুলিয়াছ দৰফাং (Julius Dorphang)। এখন পকছো (POCSO ) আদালতে জুলিয়াছ দৰফাঙক দোষী সাব্যস্ত কৰিছে।

জুলিয়াছ দৰফাং আছিল  HNLC উগ্ৰপন্থী সংগঠনৰ আত্মসমৰ্পণকাৰী নেতা। ২০০৭ চনত দৰফাঙে আত্মসমৰ্পণ কৰাৰ পিছত ২০১৩ চনত মাওহাটী বিধানসভা সমষ্টিৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈছিল।

২০১৭ চনত বিধায়ক হৈ থকাৰ সময়তে জুলিয়াছ দৰফাঙৰ বিৰুদ্ধে ঘৰত বনকৰা ১৪ বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল আৰু মেঘালয়ৰ পৰা পলাইছিল প্ৰাক্তন বিধায়কজন। কিন্তু মেঘালয় আৰক্ষীয়ে গুৱাহাটী ISBTৰ পৰা দৰফাঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰৰ চাৰি বছৰ পিছত আদালতে দৰফাঙক যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা আইন (Protection of Children from Sexual Offences Act) আৰু অনৈতিক সৰবৰাহ প্ৰতিৰোধ আইন (Immoral Trafficking Prevention Act)ৰ অধীনত ২৫ বছৰ কাৰাদণ্ড বিহিছে।

ইপিনে দৰফাঙৰ অধিবক্তাই এই ৰায়ৰ বিৰুদ্ধে মেঘায়লয় উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি জানিব দিছে। বিচাৰ প্ৰক্ৰিয়াত অসন্তুষ্টি ব্যক্ত কৰি দৰফাঙৰ অধিবক্তাই কয় যে আদালতৰ ৰায়ত আমি সন্তুষ্ট নহয়।
Published by:Manjumoni Borah
First published: