কোভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ ৰাজ্যতে চৰকাৰে জাৰি কৰা সান্ধ্য আইনৰ সুযোগ লৈ হোজাই জিলাত অসাধু চক্ৰই চলাই গৈছে বনজ সম্পদৰ চোৰাং বেহা ৷
হোজাই জিলাৰ দক্ষিণ নগাঁও বন সংমণ্ডলৰ অধীনৰ নীলবাগনত চাৰিলেনযুক্ত ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথত বন বিভাগে অভিযান চলাই এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে। অৱশ্যে গাড়ী খন জব্দ কৰে যদিও কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ ৷
এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নীলবাগানৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত হোজাই বন সুৰক্ষা বাহিনীৰ আঞ্চলিক বন বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বতত যোৱা বন কৰ্মীৰ দলে খাপ পিটি থাকে ৷ তেনে সময়তে লংকাৰ নখুটিৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এ এছ ০১ এম চি ১৪৬৭ নম্বৰৰ ট্ৰাক খন ৰখাবলৈ নিৰ্দ্দেশ দিয়ে বনকৰ্মীৰ দলটোৱে ৷ চালকে গাড়ীখন ৰখায় যদিও আন্ধাৰৰ সুযোগ বুজি চালক-হেণ্ডিমেনে পলায়ন কৰে ৷
বনকৰ্মীৰ দলটোৱে কাঠভৰ্তি ট্ৰাকখন জব্দ কৰি ডবকা মদাৰতলি উপখণ্ড বন বিষয়াৰ কাৰ্য্যালয়লৈ লৈ যায় ৷ জব্দ কৰা কাঠখিনিৰ বজাৰমূল্য অনুমানিক তিনি লাখ টকা হ'ব বুলি জানিব পৰা গৈছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|