কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ কচুগাঁৱত আজি বিয়লি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগ আৰু এছ এছ বিয়ে যৌথ অভিযান চলাই হাতীৰ দাঁতসহ এজন লোকক আটক কৰাৰ লগতে এ এছ–১৬ এ চি–৩৬৯৫ নম্বৰৰ এখন অটো গাড়ী জব্দ কৰে ৷ ধৃত লোকগৰাকী কচুগাঁও থানাৰ অন্তৰ্গত জানালি গাঁৱৰ মাথিও বসুমতাৰী৷
বন বিভাগে গোপন সূত্ৰৰ পৰা জানিব পাৰে কচুগাঁও এলেকাত চোৰাং বেপাৰীয়ে হাতীৰ দাঁত মজুত কৰি ৰাখিছে। উক্ত খবৰৰ ভিত্তিত আজি বিয়লি ৪.৩০ বজাত কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত চেন্ট্ৰেল ৰেঞ্জৰ বিষয়া প্ৰাঞ্জল তালুকদাৰৰ নেতৃত্বত বন কৰ্মীৰ এটি দল আৰু ৰাইম'নাস্থিত এছ এছ বিৰ ৩১ নম্বৰ বাহিনীৰ জোৱানৰ এটি দলে বন সংমণ্ডলৰ এলেকাৰ বাংঠিঝোৰা গাঁৱত যৌথ অভিযান চলাই প্ৰকাণ্ড আকাৰৰ দুটা দাঁত জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক আটক কৰে ৷
উল্লেখ্য যে বন বিভাগে গ্ৰাহকৰ ৰূপত গৈ হাতীৰ দাঁতসহ লোক গৰাকীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ কচুগাঁও বন সংমণ্ডলৰ ডি এফ অ' আৰ কে ব্ৰহ্মই কয়– 'আমি নিজা সূত্ৰৰ পৰা জানিব পাৰিছিলো হাতীৰ দাঁতৰ গোপন বেহা চলাইছে চোৰাং চিকাৰীয়ে। বহু দিনৰ পৰা আমি সূত্ৰ লগাই আছিলো। অৱশেষত চোৰাং চিকাৰী ধৰা পৰিল। ধৃত হাতীৰ দাঁত সৰবৰাহকাৰী মাথিও বসুমতাৰী প্ৰকাশ কৰে যে ভাৰত-ভূটান সীমান্তৰ নিবাসী ৰাভা উপাধিৰ এগৰাকী লোকৰ পৰা হাতীৰ দাত দুটা লৈছিল ৷'
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ চেন্ট্ৰেল ৰেঞ্জৰ বন বিষয়া প্ৰাঞ্জল তালুকদাৰে উদ্ধাৰ হোৱা হাতী দাঁতৰ ওজন প্ৰায় ১৫ কেজি হ'ব আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য এনে অবৈধ বস্তুৰ নাথাকে যদিও চোৰাং বজাৰত ই সৰ্বাধিক মূল্যত বিক্ৰী হয় বুলি জনায়। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় চোৰাং চিকাৰীৰ বিৰুদ্ধে এয়া ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ প্ৰথমটো সফলতা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|