বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াৰ এটা নিমখৰ গুদামত দুটাকৈ বন্দুক উদ্ধাৰ কৰিছে বন বিভাগৰ অভিযানকাৰী দলে৷ এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে বন বিভাগে৷
বিষ্ণু পাণ্ডিয়া নামৰ ব্যৱসায়ীজনৰ নিমখৰ গুদামৰ পৰা বন বিভাগে উদ্ধাৰ কৰে বন্দুক দুটা৷ বিষ্ণু পাণ্ডিয়াৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে পিংকু মণ্ডল নামৰ গঁড় চিকাৰীক অস্ত্ৰ যোগান ধৰা আন এজন লোকক৷
বন্দুক দুটা গঁড় হত্যা কৰোঁতে ব্যৱহাৰ কৰা সন্দেহ বন বিভাগৰ৷ গঁড় চিকাৰীয়ে ব্ৰহ্মপুত্ৰ পাৰ হৈ কাজিৰঙাত গঁড় হত্যা কৰিবলৈ ব্যৱহাৰ কৰা ৰাবাৰ ব'ট বিহাৰৰ পৰা আনি যোগান ধৰে বিষ্ণু পাণ্ডিয়া আৰু পিংকু মণ্ডলে৷ উদ্ধাৰ কৰা বন্দুক দুটাৰ এটা মডিফাইড ৰাইফল আৰু আনটো মডিফাইড পিষ্টল৷ দুয়োটা বন্দুকতে থ্ৰী নট থ্ৰী ৰাইফলৰ গুলী ব্যৱহাৰ হয়৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|