• Home
  • »
  • News
  • »
  • crime
  • »
  • SONARI : সোণাৰি নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ অপহৰণ কাণ্ড,পাঁচ বছৰীয়া শিশুক ফুচুলাই নিছিল ড্ৰাগছ আসক্ত যুৱকে

SONARI : সোণাৰি নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ অপহৰণ কাণ্ড,পাঁচ বছৰীয়া শিশুক ফুচুলাই নিছিল ড্ৰাগছ আসক্ত যুৱকে

চি চি টি ভিৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষী নিশ্চিত হয় যে সোণাৰি নগৰৰ নেকিব আহমেদ (২৮) নামৰ যুৱকজন শিশুটিৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত হৈ আছে৷

চি চি টি ভিৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষী নিশ্চিত হয় যে সোণাৰি নগৰৰ নেকিব আহমেদ (২৮) নামৰ যুৱকজন শিশুটিৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত হৈ আছে৷

চি চি টি ভিৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষী নিশ্চিত হয় যে সোণাৰি নগৰৰ নেকিব আহমেদ (২৮) নামৰ যুৱকজন শিশুটিৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত হৈ আছে৷

  • Share this:
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াত কালি নিশা সংঘটিত এক চাঞ্চল্যকৰ অপহৰণ কাণ্ডই সমগ্ৰ চৰাইদেউ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, কালি নিশা প্ৰায় ৯ বজাত সোণাৰি শিৱ মন্দিৰত অনুষ্ঠিত হোৱা গণেশ পূজাৰ বাবে ভক্তপ্ৰাণ ৰাইজে গীত-মাত গাই গণেশৰ প্ৰতিমা সমদল কৰি আনি থাকোঁতে সোণাৰি নগৰৰ ৫ নং ৱাৰ্ডৰ দৈনিক বজাৰৰ সমীপৰ ফকৰুদ্দিন আহমেদৰ পাঁচ বছৰীয়া পুত্ৰ তথা সোণাৰি ৱেলৱৰ্ন পাব্লিক স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ৰিয়ান আহমেদে সমদলটো প্ৰত্যক্ষ কৰি পিত-মাতৃ তথা পৰিয়ালৰ লোকৰ অজ্ঞাতে ঘৰৰ পৰা ওলাই আহি সমদলত যোগ দিয়েহি৷

সমদলত ৰিয়ানে আন লোকৰ সৈতে নাচি-বাগি গৈ থাকোঁতে  নেকিব আহমেদ নামৰ যুৱকজনে শিশুটিক প্ৰত্যক্ষ কৰি চকলেট, চিপছ আদি দি ফুচুলাই সমদলটোৰ পৰা ফালৰি কটাই অপহৰণ কৰি নিয়াৰ উদ্দেশ্যে নিশাই ভজো ৰেল’ৱে ষ্টেচন অভিমুখে যাত্ৰা কৰে৷

কিন্তু ভজো ৰে'লৱে ষ্টেচনত সেই সময়ত ট্ৰেইন নোপোৱাত ড্ৰাগছ আসক্ত অপহৰণকাৰী নেকিব নিচাগ্ৰস্ত অৱস্থাত থকাৰ বাবে শিশুটি লৈ পুনৰ সোণাৰি নগৰ অভিমুখে ৰাওনা হয়৷ শিশুটিক লৈ নেকিবে সোণাৰি নগৰ হিন্দী স্কুলৰ সমীপৰ এটা পৰিত্যক্ত গৃহত আত্মগোপন কৰে৷

ইফালে শিশুটি ঘৰৰ পৰ অন্তৰ্ধান হোৱাত ফকৰুদ্দিন আহমেদৰ ঘৰত এক হুলস্থূলীয়া পৰিৱেশৰ সৃ্‌ষ্টি হয়৷ চুবুৰীয়া লোকৰ ঘৰত বিচাৰ-খোঁচাৰ কৰাৰ পিছতো শিশুটিৰ কোনো সন্ধান লাভ নকৰাত পৰিয়ালৰ লোকে প্ৰথমে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সৈতে নগৰখনৰ বিভিন্ন ঠাইত শিশুটিৰ অনুসন্ধান কৰে যদিও সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত শিশুটি অপহৃত হোৱাৰ সন্দেহ প্ৰকাশ কৰি সোণাৰি থানাত অৱগত কৰে৷

লগে লগে সোণাৰি আৰক্ষীয়ে যুদ্ধকালীন ক্ষিপ্ৰতাৰে শিশুটিৰ অনুসন্ধান আৰম্ভ কৰে৷ নিশাই আৰক্ষীয়ে নগৰখনৰ কেইবাঠাইতো চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰি শিশুটিৰ অনুসন্ধান অব্যাহত ৰখাৰ মাজতে গণেশ চতুৰ্থীৰ প্ৰতিমা সমদল কৰি অনা সোণাৰি শিৱ মন্দিৰৰ চি চি টিভি ফুটেজ পৰীক্ষা কৰোঁতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে৷

চি চি টি ভিৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষী নিশ্চিত হয় যে সোণাৰি নগৰৰ ২ নং ৱাৰ্ডৰ আব্দুল কাদিৰৰ পুত্ৰ নেকিব আহমেদ (২৮) নামৰ যুৱকজন শিশুটিৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত হৈ আছে৷ লগে লগে সোণাৰি থানাৰ এটা আৰক্ষীৰ দলে নেকিব আহমেদৰ ঘৰত উপস্থিত হয় যদিও নেকিবক ঘৰত নোপোৱাত আৰক্ষীয়ে শিশুটিৰ সন্ধানত নগৰখনৰ সম্ভাব্য বিভিন্ন স্থানত তন্নকৈ তন্নকৈ অনুসন্ধান কৰে৷ দীৰ্ঘসময় অনুসন্ধানৰ পাছত সোণাৰি নগৰ হিন্দী বিদ্যালয়ৰ সমীপৰ এটা পৰিত্যক্ত ঘৰৰ পৰা শিশুটিক বোকা-পানীৰে লুতুৰি-পুতুৰী অৱস্থাত উদ্ধাৰ কৰে।

অপহৰণকাৰী নেকিবকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ সোণাৰি আৰক্ষী, স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকৰ যৌথ উদ্যোগত তিনি-চাৰি ঘন্টীয়া দীঘলীয়া অভিযানৰ অন্ততঃ নিশা ১২ বজাত শিশুটি উদ্ধাৰ হোৱাৰ পিছত আটায়ে স্বস্তিৰ নিশ্বাস এৰাৰ লগতে শ্বাসৰুদ্ধকাৰী পৰিৱেশৰ অন্ত পৰে৷

আনহাতে, আজি শিশুটিৰ জন্মদিনৰ বিষয়ে জানিব পাৰি সোণাৰি আৰক্ষীয়ে পুৱতি নিশা পৰিয়ালৰ সৈতে শিশুটিৰ জন্মদিন উদযাপন কৰে৷ ইফালেদি, ড্ৰাগছ আসক্ত নেকিবক সম্প্ৰতি আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি অপহৰণকাণ্ডৰ সৈতে আন কোনোবা জড়িত আছে নেকি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি