• Home
  • »
  • News
  • »
  • crime
  • »
  • News in Assamese, Jorhat Thief : যোৰহাটত পাঁচখন চুৰি বাইক উদ্ধাৰ, গ্ৰেপ্তাৰ এটা বাইক চোৰ

News in Assamese, Jorhat Thief : যোৰহাটত পাঁচখন চুৰি বাইক উদ্ধাৰ, গ্ৰেপ্তাৰ এটা বাইক চোৰ

News in Assamese, Jorhat Thief : যোৰহাট আৰক্ষীৰ জালত পৰিছে চুৰি কাণ্ডৰে অধিক আত্মবিশ্বাসী হৈ পৰা দুচকীয়া বাহন চোৰৰ দলৰ অন্যতম সদস্য চেনিজানৰ প্ৰাণদীপ কলিতা ।

  • Share this:
বিগত কিছুদিনত যোৰহাট (Jorhat) নগৰ অঞ্চলত দুচকীয়া বাহন চুৰি কৰি যোৰহাট আৰক্ষীক বাৰুকৈয়ে জ্বলাকলা খুৱাই আহিছিল চোৰৰ দলে । কেৱল অক্টোবৰ মাহতে যোৰহাট নগৰ অঞ্চলৰ পৰা চুৰি হৈছিল কুৰিখনতকৈ অধিক বাইক । কিন্তু বেছিকৈ আত্মবিশ্বাসী হৈ পৰা চোৰৰ দলক (Bike Thief) এইবাৰ হাতেলোটে চুৰি বাইকসহ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

দুচকীয়া বাহন চুৰিৰে চোৰৰ দলে শেহতীয়াকৈ একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিবলৈ গৈছিল যোৰহাট নগৰত । কিন্তু আৰক্ষীৰ বাবে মূৰৰ কামোৰণি স্বৰূপ হৈ পৰা এটা চোৰৰ দলৰ চৰ্দাৰক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যোৰহাট সদৰ থানাৰ আৰক্ষী । আৰক্ষীৰ জালত পৰিছে ((Bike Thief Arrested) চুৰি কাণ্ডৰে অধিক আত্মবিশ্বাসী হৈ পৰা দুচকীয়া বাহন চোৰৰ দলৰ অন্যতম সদস্য প্ৰাণদীপ কলিতা । যোৰহাটৰ জেবি কলেজৰ ছাত্ৰ আৱাসৰ পৰা বাইক চুৰি কৰি লৈ যোৱা অৱস্থাত যোৰহাট আৰক্ষীৰ জালত পৰে প্ৰাণদীপ । আৰক্ষীৰ জেৰাৰ পিছত চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে মুঠ  ৫ খনকৈ বাইক উদ্ধাৰ (Stolen bike Recovered) কৰিবলৈ সক্ষম হৈছে । ধৃত প্ৰাণদীপ কলিতাৰ ঘৰ যোৰহাটৰ চেনিজান মাউট গাৱত ।

বহু দিন ধৰি যোৰহাট আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ আছিল বাইক চোৰ প্ৰাণদীপ ।যোৰহাটৰ বিভিন্ন প্ৰান্তত সংঘটিত বাইক চুৰিৰ বহু ঘটনাৰ লগতে জড়িত থকাৰ কথা প্ৰাণদীপে স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে । আৰক্ষীয়ে এই চোৰৰ দলটোৰ সন্ধানত অধিক অনুসন্ধান অব্যাহত ৰাখিছে ।
Published by:Manjumoni Borah
First published: