মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Fake Note Smuggling : ছয়গাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ জালনোট সৰবৰাহকাৰী চক্ৰৰ ৫জন

Fake Note Smuggling : ছয়গাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ জালনোট সৰবৰাহকাৰী চক্ৰৰ ৫জন

আৰক্ষীয়ে জব্দ কৰে জালনোট নিৰ্মাণ কৰা এটি বৃহৎ আকাৰৰ মেচিন।

আৰক্ষীয়ে জব্দ কৰে জালনোট নিৰ্মাণ কৰা এটি বৃহৎ আকাৰৰ মেচিন।

আৰক্ষীয়ে জব্দ কৰে জালনোট নিৰ্মাণ কৰা এটি বৃহৎ আকাৰৰ মেচিন।

  • Share this:

ছয়গাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ জাল নোট সৰবৰাহকাৰী চক্ৰৰ ৫জন। ছয়গাঁও থানাৰ আৰক্ষী বিষয়া ভগৱান ডেকাৰ নেতৃত্বত গোপন সূত্ৰৰ ভিত্তিত দিনৰ ভাগত ছয়গাঁও বজাৰত অভিযান চলাই আটক কৰে ৰফিকুদ্দিন নামৰ এজন জালনোট সৰবৰাহকাৰীক।


ৰফিকুদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰীৰ বঙৰাৰ ভাড়াঘৰ এটাৰ পৰা আন চাৰিজন জালনোট সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰে জালনোট নিৰ্মাণ কৰা এটি বৃহৎ আকাৰৰ মেচিন।


আৰক্ষীয়ে বঙৰাৰ পৰা আটক কৰা ধৃত জালনোট সৰবৰাহকাৰী চাৰিজন ক্ৰমে আব্দুল হানিফ, নুৰুল ইছলাম, আব্দুল হাচিন আৰু ৰহিম আলী।


ছয়গাঁও আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীকেইজনৰ পৰা জব্দ কৰে কেইবাখনো নকল ৫০০ টকীয়া নোট, নগদ ৫০০০ হাজাৰ টকাসহ মোবাইল ৭টা আৰু বহু আপত্তিজনক নথিপত্ৰ।
বৰ্তমান ছয়গাঁও আৰক্ষীয়ে ধৃত লোককেইজনক জেৰা অব্যাহত ৰাখিছে।

শেহতীয়া বাতৰি