বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অপৰাধনামা / গুৱাহাটী, কামৰূপ আৰু দৰঙত মহানগৰ আৰক্ষীৰ অভিযান, ৫০ লক্ষাধিক টকাৰ ড্ৰাগছসহ ৫ জন গ্ৰেপ্তাৰ

গুৱাহাটী, কামৰূপ আৰু দৰঙত মহানগৰ আৰক্ষীৰ অভিযান, ৫০ লক্ষাধিক টকাৰ ড্ৰাগছসহ ৫ জন গ্ৰেপ্তাৰ

গুৱাহাটী, কামৰূপ আৰু দৰঙত মহানগৰ আৰক্ষীৰ অভিযান, ৫০ লক্ষাধিক টকাৰ ড্ৰাগছসহ ৫ জন গ্ৰেপ্তাৰ

তিনি ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীকেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৪ লাখ টকাসহ এখন আই–২০

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

নৱপ্ৰজন্মৰ বিভীষিকা স্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান। Special Operation Group (SOG) আৰু গীতানগৰ আৰক্ষীৰ নেতৃত্বত শনিবাৰে নিশা গুৱাহাটী, কামৰূপ (গ্ৰাম্য) আৰু দৰং জিলাৰ মঙলদৈত যুটীয়া অভিযান চলোৱা হয়। অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ পাঁচজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰে । ধৃত ড্ৰাগছ মাফিয়াকেইজন ক্ৰমে নাৰিকলবস্তিৰ ভাৰ্গৱ গিৰী ওৰফে বাবলু (২৪), গীতানগৰ কাৰ্বি পথৰ মৃগেন বংজাং (২৫), বাইহাটা চাৰিআলিৰ খলিলুল ৰহমান (৩২), আছিক আলী (১৮) , মঙলদৈৰ মতিওৰ ৰহমান (২৪)।

বিজ্ঞাপন

উল্লেখ্য যে গুৱাহাটীৰ জু–ৰোড তিনি আলিৰ ৰূপালী পথত দুজন যুৱকে ড্ৰাগছ বিক্ৰী কৰি থকা বুলি গীতানগৰ আৰক্ষীয়ে তথ্য লাভ কৰে । এই তথ্যৰ ভিত্তিত গীতানগৰ আৰক্ষী আৰু আৰক্ষীৰ বিশেষ দলে (SOG) ৰূপালী পথত ২নং উপপথৰ ১নং ঘৰত অভিযান চলাই ভাৰ্গৱ গিৰি আৰু মৃগেন বংজাং নামৰ দুজন যুৱকক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে। ধৃত দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযানকাৰী দলটোৱে পৃথকে কামৰূপৰ বাইহাটা চাৰিআলি আৰু দৰঙৰ মঙলদৈত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক তিনিজন হৈছে খলিলুল ৰহমান ,আছিক আলী, মতিওৰ ৰহমান।

ধৃত যুৱককেইজনৰ কবলৰ পৰা আৰক্ষীয়ে পঞ্চাশ লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ আৰু  নগদ ধন চাৰি লাখ টকা আৰু AS 01 BY 5485  নম্বৰৰ এখন আই–২০ বাহন জব্দ কৰে। ঘটনা সন্দৰ্ভত গীতানগৰ থানাত এটা গোচৰ ৰুজু কৰি অভিযুক্তকেইজনৰ পৰা অধিক তথ্যৰ বাবে মাৰাথন জেৰা চলাই আছে আৰক্ষীয়ে।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন