• Home
  • »
  • News
  • »
  • crime
  • »
  • Firing in Hailakandi: হাইলাকান্দিত ৰাজপথত গুলীচালনা, বাইকত অহা দুই আৰোহী গুলীবিদ্ধ

Firing in Hailakandi: হাইলাকান্দিত ৰাজপথত গুলীচালনা, বাইকত অহা দুই আৰোহী গুলীবিদ্ধ

পাচগ্ৰাম এলেকাৰ পৰা নিজৰ বাইকত উভতি অহাৰ সময়ত পিছফালৰ পৰা আন এক বাইকত অহা তিনিজনীয়া দুৰ্বৃত্তৰ গুলীচালনা

পাচগ্ৰাম এলেকাৰ পৰা নিজৰ বাইকত উভতি অহাৰ সময়ত পিছফালৰ পৰা আন এক বাইকত অহা তিনিজনীয়া দুৰ্বৃত্তৰ গুলীচালনা

পাচগ্ৰাম এলেকাৰ পৰা নিজৰ বাইকত উভতি অহাৰ সময়ত পিছফালৰ পৰা আন এক বাইকত অহা তিনিজনীয়া দুৰ্বৃত্তৰ গুলীচালনা

  • Share this:
ভোগালীৰ উৎসাহৰ মাজতে হাইলাকান্দিত ভয়াবহ ঘটনা । বিহুৰ দোমাহীৰ নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় গুলীচালনাৰ ঘটনা। বাইকত হা তিনি দুৰ্বৃত্তৰ আক্ৰমণত গুলীবিদ্ধ হয় গৰু ব্যবসায়ী ।

শুকুৰবাৰে নিশা হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা । গুলীবিদ্ধ যুৱকগৰাকী মাছুক আহমদ বৰভূঞা বুলি জানিব পৰা গৈছে। পেছাত গৰু ব্যবসায়ী বৰভূঞাৰ লগতে আঘাতপ্ৰাপ্ত হৈছে মুছতাফা আহমদ বৰভূঞা নামৰ আন এজন যুবক । প্ৰাপ্ত তথ্য অনুসৰী, শুকুৰবাৰ নিশা গৰু ক্ৰয় কৰিবলৈ পাচগ্ৰামত গৈছিল মাছুক আহমদ আৰু তেওঁৰ সঙ্গী মুছতাফা । 

কিন্তু পাচগ্ৰাম এলেকাৰ পৰা নিজৰ বাইকত উভতি অহাৰ সময়ত পিছফালৰ পৰা আন এক বাইকত অহা তিনিজনীয়া দুৰ্বৃত্তৰ  দলে মাছুক আহমেদ বৰভূঞাক গুলীয়াই পলায়ন কৰে। সেই সময়ত শিলচৰৰ পৰ‍া অহা এগৰাকী ট্ৰাকচালকে দুই আহতক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় । গুলীবিদ্ধ মাছুক আহমদৰ অবস্থা সংকটজনক হোৱাত নিশাই  উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

আনহ‍াতে, এই ঘটনাৰ পিছতে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আজি ৰাতিপুৱা এই ঘটনাৰ তদন্তৰ বাবে আলগাপুৰত উপস্থিত হয় অসম আৰক্ষীৰ দক্ষিণ অসম ৰেঞ্জৰ ডিআইজি কঙ্কনজ্যোতি শইকীয়া । কিন্তু এতিয়ালৈকে এই ঘটনাৰ লগত জড়িত অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।
Published by:Gautam Barman
First published: