মহানগৰীত পুনৰ গুলীচালনাৰ ঘটনা। ছাত্ৰীবাৰীত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা।
পুৰণি অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত সংঘটিত গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত আদেশ যাদৱ নামৰ লোকগৰাকীৰ হাস্পতালত (Firing incident in Guwahati) মৃত্যু হয়।
জানিব পৰা মতে, বাইকত অহা দুই দুৰ্বৃত্তই এগৰাকী ব্যৱসায়ীলৈ ঘৰৰ সমীপতে ব্যৱসায়ীজনক গুলীচালনা কৰে। দুৰ্বৃত্তৰ গুলীচালনাত ব্যৱহাৰ কৰা বাইকখন আৰক্ষীয়ে জব্দ কৰিছে। (businessman death)।
উল্লেখ্য, ঘটনাৰ পিছতেই বাইক এৰি পলাই যায় দুই দুৰ্বৃত্ত। আনহাতে গুৰুতৰভাৱে আহত আদেশ যাদৱক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) ভৰ্তি কৰোৱা হৈছিল যদিও কিছুসময় পিছত তেওঁৰ মৃত্যু হয়।
কোনে গুলীয়াইছিল অবদেশ যাদৱক? দুৰ্বৃত্তই এৰি গ’ল ম’বাইল–হেলমেট
সূত্ৰ অনুসৰি, দুৰ্বৃত্তই ধন দাবী কৰিছিল গুটখা ব্যৱসায়ী যাদৱক। মৃত আদেশ যাদৱ ৪ সন্তানৰ পিতৃ আছিল।
ঘটনাস্থলীত গুৱাহাটী আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হয় ৷ মধ্য মণ্ডলৰ DCPৰ লগতে আৰক্ষী বিষয়া জি পি সিঙো উপস্থিত হয়। CCTV camera নিৰীক্ষণ কৰি আৰক্ষীয়ে এটা দৃৰ্বৃত্তই হেলমেট পিন্ধি অহা আৰু আনটোৱে মাস্ক পিন্ধি অহা বুলি নিশ্চিত হয়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|