দুৰ্গাপূজাৰ প্ৰাকক্ষণত গোসাঁইগাঁৱত সন্ধিয়া দুৰ্বৃত্তৰ গুলীচালনা। নিশাৰ অন্ধকাৰত এগৰাকী লোকক অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে।
ঘটনাত জহিৰুল শ্বেখ (৫১) নামৰ এজন ব্যক্তি আহত। তেলীপাৰা বজাৰৰ পৰা নিজ গৃহ অক্সিগুৰিলৈ যোৱাৰ পথত দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলী কৰে শ্বেখক। বাঁওহাতত এটা গুলি লগা জহিৰুলক গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ঘটনাস্থলীত উপস্থিত হয় গোসাঁইগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰজ্যোতি বাইলুংসহ আৰক্ষী দল। ঘটনাস্থলীৰ পৰা এটা সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছে। আহত জহিৰুল এজন কৃষক আৰু তেওঁ চাইকেলৰে এগৰাকী সহযোগীৰ সৈতে গৃহাভিমুখে আহি আছিল।
বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :