உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • ঋণ নিদিয়া বাবে গুলীচালনা, পানীখাইতীত বাজাজ কোম্পানীৰ বিষয়াক ঘৰলৈ মাতি প্ৰহাৰ ঠিকাদাৰৰ

    ঋণ নিদিয়া বাবে গুলীচালনা, পানীখাইতীত বাজাজ কোম্পানীৰ বিষয়াক ঘৰলৈ মাতি প্ৰহাৰ ঠিকাদাৰৰ

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    ঠিকাদাৰ অভিমন্যু দাসে কিয় ঋণ দিয়া নাই বুলি কৈ অভিষেশ সুমনক প্ৰহাৰ কৰে, লগতে পিষ্টল উলিয়াই গুলীচালনা কৰে।

    • Share this:

    মহানগৰীৰ পানীখাইতীৰ চপাইদঙত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা। চপাইদঙৰ এজন ব্যক্তিয়ে বাজাজ ফাইনেন্স কোম্পানীৰ লোকক ডাবি-ধমকি দিয়াৰ লগতে গালি-গালাজ পৰাতে ক্ষান্ত নাথাকি শূন্যলৈ গুলীচালনাৰ অভিযোগ উত্থাপন হৈছে।
    অভিযুক্ত ব্যক্তিজনৰ নাম অভিমন্যু দাস বুলি জানিব পৰা গৈছে।


    অভিযুক্ত অভিমন্যু দাসৰ ওপৰত প্ৰাগজ্যোতিষপুৰ থানাই বাজাজ ফাইনেন্স কোম্পানীৰ ফালৰ পৰা দিয়া এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ R/W section 24 of Arms act r অধীনত 294/325/34 গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, অভিযুক্ত অভিমন্যু দাসৰ ঋণৰ বাবে আৱশ্যক হোৱা নথি-পত্ৰ নিবলৈ যোৱা বাজাজ ফাইনেঞ্চৰ বিষয়াক লক্ষ্য কৰি গুলীচালনাৰ লগতে গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।


    বোন্দাৰ চপাইদঙৰ বাসিন্দা তথা ঠিকাদাৰ অভিমন্যু দাসে বাজাজ ফাইনেঞ্চত শীত–তাপ নিয়ন্ত্ৰিত যন্ত্ৰ ক্ৰয় কৰিবলৈ ঋণৰ বাবে আবেদন কৰিছিল। ঋণৰ বাবে আবেদন কৰিও ব্যক্তিজনে পৰ্যাপ্ত পৰিমাণৰ নথি জমা নিদিয়াৰ বাবে বাজাজ ফাইনেঞ্চৰ ঋণ মঞ্জুৰ হোৱা নাছিল। ঋণৰ নথি–পত্ৰ আনিবলৈ অভিযুক্তজনৰ বোন্দাৰ চপাইদঙৰ ঘৰলৈ বাজাজ ফাইনেঞ্চৰ বিষয়া–কৰ্মচাৰীক মাতি পঠিওৱাত বাজাজ ফাইনেঞ্চৰ বিষয়া অভিষেশ সুমনৰ নেতৃত্বত চাৰিজনীয়া এটা দল ঠিকাদাৰজনৰ ঘৰত উপস্থিত হয়।


    ঘৰত উপস্থিত হোৱাৰ লগে লগে ঠিকাদাৰ অভিমন্যু দাসে কিয় ঋণ দিয়া নাই বুলি কৈ অভিষেশ সুমনক প্ৰহাৰ কৰে। প্ৰহাৰতে ক্ষান্ত নাথাকি ঠিকাদাৰজনে অভিষেশ সুমনক লক্ষ্য কৰি পিষ্টলেৰে গুলীচালনা কৰে। অৱশ্যে অভিষেশ সুমনৰ প্ৰাণ দৈৱক্ৰমে ৰক্ষা পৰে। গুৰুতৰভাৱে আহত অভিষেশ সুমনে ঘটনা সন্দৰ্ভত পানীখাইতী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বোন্দাৰ চপাইদঙৰ ঘৰত অভিযান চলায় যদিও ঠিকাদাৰজনে পলায়ন কৰে।

    Published by:Gautam Barman
    First published: