• Home
  • »
  • News
  • »
  • crime
  • »
  • Lucknow Girl Beaten Cab Driver : কেব চালকক ৰাজহুৱাকৈ ২২টা চৰ সোধাই বিপদত যুৱতী, ভাইৰেল যুৱতীৰ বিৰুদ্ধে এজাহাৰ।

Lucknow Girl Beaten Cab Driver : কেব চালকক ৰাজহুৱাকৈ ২২টা চৰ সোধাই বিপদত যুৱতী, ভাইৰেল যুৱতীৰ বিৰুদ্ধে এজাহাৰ।

যুৱতীগৰাকীয়ে অভিযোগ কৰাৰ দৰে কেব চালকজনে তেওঁক খুন্দিওৱাৰ কোনো দৃশ্য চিচিটিভিত ধৰা পৰা নাছিল। 

যুৱতীগৰাকীয়ে অভিযোগ কৰাৰ দৰে কেব চালকজনে তেওঁক খুন্দিওৱাৰ কোনো দৃশ্য চিচিটিভিত ধৰা পৰা নাছিল। 

যুৱতীগৰাকীয়ে অভিযোগ কৰাৰ দৰে কেব চালকজনে তেওঁক খুন্দিওৱাৰ কোনো দৃশ্য চিচিটিভিত ধৰা পৰা নাছিল। 

  • Share this:
কেব চালকক ৰাজহুৱাকৈ চৰিয়াই ইণ্টাৰনেটত ভাইৰেল হৈ পৰা লক্ষ্ণৌৰ যুৱতী বিপদত। ৰাজহুৱা স্থানত কেব চালকজনক ২২টা চৰ সোধাই ভাইৰেল হৈ পৰা যুৱতীগৰাকীৰ বিৰুদ্ধে শেহতীয়াকৈ ৰুজু হৈছে গোচৰ।

ভাইৰেল হোৱা ভিডিঅ'টোত যুৱতীগৰাকীয়ে কেব চালকজনক ২২টা চৰ সোধোৱা দেখা গৈছিল। ঘটনাটো তিনিদিন আগত সংঘটিত হৈছিল। ঘটনাটোত ইতিমধ্যে কেব চালকজনক আটক কৰা হৈছিল। কিন্তু অনুসন্ধানৰ সময়ত ঘটনাই লৈছে নতুন মোৰ।

কেব চালকজনে কৈছে, "মোক একো নালাগে, মোক মোৰ মৰ্যাদা লাগে।" এতিয়া কেব চালকজনে যুৱতীগৰাকীৰ বিৰুদ্ধে দিছে এজাহাৰ। লক্ষ্ণৌৰ কৃষ্ণ নগৰ থানাত এজাহাৰ দাখিল কৰা হয়। আৰক্ষীয়ে এতিয়া সমগ্ৰ বিষয়টোক লৈ পুনৰ নতুনকৈ তথ্যপাতি সংগ্ৰহত ব্যস্ত হৈ পৰিছে।

উল্লেখ্য যে যোৱা শুকুৰবাৰে সংঘটিত হোৱা ঘটনাটোৰ পিছত আৰক্ষীয়ে কেব চালকজনৰ লগতে আন তিনিজনক আটক কৰিছিল যদিও পিছত ছিওৰিটী লৈ এৰি দিয়া হয়।যুৱতীগৰাকীকো থানালৈ মাতি আনি ভৱিষ্যতে তেনে নকৰিবলৈ সকীয়াই দি এৰি দিয়া হৈছিল।

উল্লেখ্য যে এটা ট্ৰেফিক ছিগনেলত কেব চালকজনে অসতৰ্কভাৱে যুৱতীগৰাকীক খুন্দিওৱা বুলি অভিযোগ কৰি মাৰধৰ কৰিছিল যুৱতীগৰাকীয়ে। ইমানেই নহয় মাৰধৰ নকৰিবলৈ কোৱা আন এজন লোককো প্ৰহাৰ কৰিছিল যুৱতীগৰাকীয়ে। উপস্থিত লোকে যুৱতীগৰাকীৰ এই কাণ্ড ৰেকৰ্ড কৰি ইণ্টাৰনেটত এৰি দিছিল। আনহাতে যুৱতীগৰাকীয়ে কোৱাৰ দৰে কেব চালকজনে তেওঁক খুন্দিওৱাৰ কোনো দৃশ্য চিচিটিভিত ধৰা পৰা নাছিল।
Published by:Manjumoni Borah
First published: