গহপুৰৰ কোকিলা পথাৰত এটি এবছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ আৰু পিতৃ নিৰুদ্দেশ হৈ থকা ঘটনাৰ পম খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এগৰাকীক। অতি দুৰ্ভাগ্যজনক কথা যে হত্যাকাৰী আছিল স্বয়ং পিতৃ (Gohpur Child Murder Case)।
আৰক্ষীয়ে পুৱা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে হত্যাকাৰী শচীন বৰদলৈক। তথ্য অনুসৰি, পুৱতিনিশা প্ৰায় তিনি বজাত ঘৰত উপস্থিত হৈ শচীনে পত্নী আৰু জীয়াৰীৰ চোতালৰ পৰা মাতে। তেওঁৰ হাতত আছিল এখন দা। এনে অৱস্থাত পত্নী আৰু কন্যা ঘৰৰ পৰা ওলাই নাহে। শচীনক ঘৰৰ চোতালত প্ৰত্যক্ষ কৰি সকলোৱে নিশ্চিত হয় যে তেৱেঁই নিজ সন্তানক হত্যা কৰিছে। শচীনে এই সন্দৰ্ভত বাটত কোনো ডকাইতে আগচি ধৰাৰ কথা কৈ নিজকে বচাবলৈ চেষ্টা কৰিছিল যদিও এই কথা বিশ্বাসযোগ্য নাছিল। পিছত ৰাইজে লপা-থপা দি বৰদলৈক আৰক্ষীক গটাই দিয়ে।
পত্নীয়ে জানিবলৈ দিয়া মতে, হত্যাকাৰী শচীনে পূৰ্বেও কেইবাজনো লোকক হত্যা কৰাৰ ভাবুকি দিছিল। জিঘাংসু প্ৰৱণতাৰ শচীন বৰদলৈৰ আছিল পাৰিবাৰিক সংঘাত। উল্লেখ্য, পিতৃৰ নিষ্ঠুৰতাৰ বলি হোৱা পুত্ৰ পৰাগজ্যোতি বৰদলৈৰ কালি এবছৰীয়া জন্মদিন আছিল। সেয়ে বুধবাৰে নিশা পিতৃৰ সৈতে বজাৰ কৰিবলৈ ওলাই গৈছিল। কিন্তু তেতিয়াৰ পৰা দুয়ো সন্ধানহীন হৈ থাকে আৰু পিছদিনা পুৱা গাঁৱৰ পথাৰত শিশুপুত্ৰৰ মৃতদেহ উদ্ধাৰ হয়।
Published by: Gautam Barman
FIRST PUBLISHED : March 10, 2023, 09:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।