
প্ৰতীকী ফটো
৩১ অক্টোবৰৰ নিশা ৯ বজাত ফলীয়া বাঁহেৰে মৰিয়াই হত্যা কৰে কাকুমণিক। হত্যা কৰি মৃতদেহটো পুতি থ’লে শৌচাগাৰৰ গাঁতত।
টীয়কৰ মেলেঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। টীয়কৰ মেলেং বৰখেলীয়াত মাহীমাক আৰু পিতৃৰ হাতত প্ৰাণ গল পুত্ৰৰ। নৃশংসভাৱে হত্যা কৰি পুত্ৰক পুতি থ’লে শৌচাগাৰৰ গাঁতত। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।
দিপাৱলী উদযাপনৰ বাবে পুত্ৰ কাকুমণি বৰাই বিচাৰিছিল ১০ হাজাৰ টকা। অপৰাধ সেয়াই। যাৰ বাবে ৩১ অক্টোবৰৰ নিশা ৯ বজাত ফলীয়া বাঁহেৰে মৰিয়াই হত্যা কৰে কাকুমণিক। হত্যা কৰি মৃতদেহটো পুতি থ’লে শৌচাগাৰৰ গাঁতত। লাহদৈগড় আৰক্ষীয়ে মাহীমাক সৰু মাই দত্ত বৰা আৰু পিতৃ ফণীধৰ বৰাক আটক কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|