দক্ষিণ কামৰূপৰ পলাশবাৰীত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড। পিতৃয়ে ত্ৰিশূলেৰে হানি খুঁচি হত্যা কৰিলে নিজ পুত্ৰক। পুত্ৰই অত্যধিক মদ্যপান কৰা বাবেই খঙত হিতাহিত জ্ঞান হেৰুৱাই হত্যা কৰিলে পিতৃয়ে।
পলাশবাৰীৰ দখলাত দেওবাৰে নিশা মনোজ শৰ্মা নামৰ বাইশ বছৰীয়া যুৱকজনে মদ্যপান কৰি ঘৰত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰি থকাত অতিষ্ঠ হৈ পৰিছিল পৰিয়ালৰ লোক। পিতৃ পবিত্ৰ শৰ্মাই খঙত অগ্নিশৰ্মা হৈ চোতালতে থকা মন্দিৰৰ পৰা ত্ৰিশূল এপাত লৈ ওলাই আহি পুত্ৰৰ পেটত হানি খুঁচি আক্ৰমণ কৰে। ফলত লগে লগেই মনোজ শৰ্মাই চোতালত ঢলি পৰে ।
কিছু সময় পিছত বিজয়নগৰৰ আৰক্ষী ঘটনাস্থীলত উপস্থিত হৈ আহত যুৱকজনক মিৰ্জাৰ চিকিৎসালয়লৈ লৈ যায় যদিও ইতিমধ্যেই মৃত্যু ঘটে মনোজ শৰ্মাৰ। অৱশ্যে পুত্ৰহন্তা পবিত্ৰ শৰ্মাই লগে লগেই বিজয়নগৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে। পিতৃয়ে ত্ৰিশূলেৰে হানি পুত্ৰক হত্যা কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Published by: Manjumoni Borah
First published: July 19, 2021, 16:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|