এইবাৰ মুখ্যসচিবৰ নামত ভুৱা হোৱাটছএপ একাউণ্টৰ জৰিয়তে প্ৰৱঞ্চনাৰ জাল পেলাইছে দুষ্ট চক্ৰই । যোৰহাটত পোহৰলৈ আহিছে এই ঘটনা । মুখ্য সচিবৰ নামত ভুৱা হোৱাটছএপ নম্বৰৰ পৰা ধন বিচাৰি মেচেজ আহিছিল যোৰহাটৰ এগৰাকী প্ৰশাসনিক বিষয়ালৈ । ৱাটছএপ চাটিঙৰ পিছত হোৱাটছএপৰ জৰিয়তে মুখ্যসচিবৰ নামত ধন বিচাৰি টকা পঠিয়াবৰ বাবে এটা লিংকো পঠাইছিল দুষ্টচক্ৰই । কিন্তু সমগ্ৰ ঘটনাটো প্ৰৱঞ্চক চক্ৰৰ দ্বাৰা সংঘটিত বুলি সন্দেহ হোৱাত অনুসন্ধান কৰে প্ৰশাসনিক বিষয়াগৰাকীয়ে।
ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰি অভিযোগ দাখিল কৰিছে যোৰহাটৰ প্ৰশাসনিক বিষয়াগৰাকীয়ে । এনেধৰণৰ ভুৱা হোৱাটছএপ নম্বৰৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে প্ৰৱঞ্চনাৰ জাল পেলোৱা এই দুষ্টচক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।
উল্লেখ্য যে কিছুদিন পূৰ্বে মন্ত্ৰী বিমল বৰা, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি কেইবাজনো উচ্ছ পদস্থ বিষয়াৰ নামত হোৱাটছএপ যোগে ধন দাবীৰ ঘটনা সংঘটিত হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|