মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»RtPcr Scam in Jorhat : যোৰহাটত RtPcr Test কৰিবলৈ গ'লে সাৱধান! হ'ব পাৰে এই ভয়ংকৰ কাণ্ড!

RtPcr Scam in Jorhat : যোৰহাটত RtPcr Test কৰিবলৈ গ'লে সাৱধান! হ'ব পাৰে এই ভয়ংকৰ কাণ্ড!

News18 Assam | News18-Assam
Updated:July 15, 2021, 6:49 PM IST
RtPcr Scam in Jorhat : যোৰহাটত RtPcr Test কৰিবলৈ গ'লে সাৱধান! হ'ব পাৰে এই ভয়ংকৰ কাণ্ড!
দুষ্ট চক্ৰই JMCHৰ লেবৰেটৰীৰ ভুৱা ৰিপ'ৰ্ট বনোৱাৰ লগতে অধীক্ষকৰ চহী জাল কৰিছে।

দুষ্ট চক্ৰই JMCHৰ লেবৰেটৰীৰ ভুৱা ৰিপ'ৰ্ট বনোৱাৰ লগতে অধীক্ষকৰ চহী জাল কৰিছে।

  • Share this:
যোৰহাটৰ একাংশ পেথলজিকেল লেবৰেটৰীয়ে ভুৱা ৰিপ'ৰ্টেৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ তথ্য ফাদিল হোৱাৰ পিছত এইবাৰ যোৰহাটত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। JMCHৰ অধীক্ষকৰ চহী জাল কৰি এইবাৰ যোৰহাটত একাংশই চলাইছে ভুৱা RTPCR ৰিপ'ৰ্টৰ বেহা ।

কিছুদিন পূৰ্বে যোৰহাটত ফাদিল হৈছিল একাংশ পেথলজিকেল লেবৰেটৰীয়ে ভুৱা ৰিপ'ৰ্টেৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ তথ্য । JMCHৰ কৰ্তৃপক্ষৰ অনুসন্ধানত ফাদিল হৈছিল এই ভয়াৱহ ৰমৰমীয়া ব্যৱসায়ৰ কথা । কিন্তু এই ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনৰ কিছু শিথিল ভূমিকাৰ পিছত পুনৰ যোৰহাটত পোহৰলৈ আহিছে আন এক ভয়ংকৰ ঘটনা ।

যোৰহাট জিলাত চলি আছে JMCHৰ VRDL লেবৰেটৰীৰ নামত প্ৰস্তুত কৰা ভুৱা RTPCR ৰিপ'ৰ্টৰ ৰমৰমীয়া বেহা । ইয়াৰ বাবে দুষ্ট চক্ৰই JMCHৰ লেবৰেটৰীৰ ভুৱা ৰিপ'ৰ্ট বনোৱাৰ লগতে অধীক্ষকৰ চহী জাল কৰিছে । JMCH কৰ্তৃপক্ষৰ অনুসন্ধানত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য । শেহতীয়াকৈ এনে কেইবাটাও ভুৱা RTPCR টেষ্ট ৰিপ'ৰ্ট পোৱা গৈছে । উল্লেখ্য, JMCHৰ পৰা প্ৰদান কৰা RTPCR ৰিপৰ্টত থাকে QR ক'ড ।  ধনৰ বিনিময়ত যোৰহাটত একাংশ অসাধু লোকে এনে ভুৱা ৰিপ'ৰ্টৰ ব্যৱসায় চলাই থকাৰ সন্দেহ কৰা হৈছে । কাৰণ যোৰহাটৰ বহু ঠাইত RTPCR পৰীক্ষা কৰালে লেবৰেটৰীসমূহত তিনি হাজাৰ টকা পৰ্যন্ত মাচুল লোৱাৰ অভিযোগ উঠি আহিছে । JMCHৰ VRDL পৰীক্ষাগাৰত কৰা ৰোগীৰ RTPCR পৰীক্ষাৰ বাবে কোনো মাচুল লোৱা নহয় । কোনো লোকক বিমানত যাবৰ বাবে বা তেনে ধৰণৰ কোনো কামৰ বাবে কম সময়তে প্ৰয়োজন হোৱা RTPCR টেষ্ট ৰিপৰ্টৰ বাবেহে JMCHত পাচশ  টকা মাচুল লোৱা হয় বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে ।

এনে ধৰণৰ ভুৱা ৰিপ'ৰ্টৰ জৰিয়তে মানুহৰ মাজত কভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সম্ভাৱনাও প্ৰবল হৈ পৰিছে ‌। ইতিমধ্যে সমগ্র বিষয়টো অনুসন্ধান কৰি ব্যৱস্থা ল'বলৈ JMCH কৰ্তৃপক্ষই থানাত গোচৰ দিছে । আনহাতে JMCHত এনে ধৰণৰ পৰীক্ষা কৰোৱাৰ ক্ষেত্ৰত কোনো তৃতীয় পক্ষ বা দালালৰ আশ্ৰয় নল'বলৈ JMCHৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই ৰাইজক আহ্বান জনাইছে ।

" আমাৰ লেবৰেটৰীৰ পৰা প্ৰদান কৰা ৰিপ'ৰ্টসমূহত QR কোড থাকে । JMCHত পৰীক্ষা কৰা ৰিপ'ৰ্টসমূহ প'ৰ্টেলৰ পৰা ডাউনলড কৰিব পাৰে বা JMCH ৰ কাৰ্যালয় বা মাইক্ৰ'বায়'লজি বিভাগৰ পৰা সংগ্ৰহ কৰিব পাৰে । আমি ৰাইজক জনাব বিচাৰিছোঁ যে সেই ৰিপ'ৰ্টসমূহহে জেনুইন । গতিকে আমি জনসাধাৰণকো সতৰ্ক আৰু সজাগ হ'বলৈ আহ্বান জনাইছোঁ।" JMCHৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই এনেদৰে কয় ।

যোৰহাটৰ একাংশ লেবৰেটৰিয়ে প্ৰদান কৰা ভুৱা ৰিপৰ্ট আৰু ভুৱা RTPCR ৰিপ'ৰ্টৰ সঠিক তদন্ত হ'লে বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ।
Published by: Manjumoni Borah
First published: July 15, 2021, 6:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি