কোৰোণা সংক্ৰমণ, লকডাউন আৰু সান্ধ্য আইনে ৰাজ্যৰ অৰ্থনীতি ভাঙি পেলাইছে। ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাল নোটৰ অবাধ প্ৰচলন আৰু সৰবৰাহ অব্যাহত আছে।
বঙাইগাঁৱৰ জিলাৰ অভয়াপুৰীত বৃহৎ পৰিমাণৰ জাল নোট জব্দ ৷ জিলাখনৰ মেৰেৰচৰ আৰক্ষী চকীৰ অন্তৰ্গত টুপকা চৰৰ আবু বক্কৰ ছিদ্দীকি নামৰ লোক এজনৰ ঘৰৰ পৰা ১ লাখ ৮৬ হাজাৰ ৮০০ টকা জাল নোট জব্দ কৰে।
আৰক্ষীৰ অভিযানৰ বিষয়ে জানিব পাৰি পলায়ন কৰে অভিযুক্ত আবু বক্কৰ ছিদ্দীকি। জাল নোট সৰবৰাহকাৰী আবু বক্কৰক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
Published by: Manjumoni Borah
FIRST PUBLISHED : May 22, 2021, 16:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।