গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত আজি পুৱতিনিশা বৰপেটাৰ আবকাৰী বিভাগে অভিযান চলায় এই অবৈধ সুৰাৰ কাৰখানাত ৷ বৰপেটাৰ আবকাৰী পৰিদৰ্শক সৌৰভ প্ৰাণ শৰ্মা আৰু সহকাৰী আবকাৰী পৰিদৰ্শক প্ৰশান্ত পাঠকৰ নেতৃত্বত আবকাৰীৰ এটা দলে পুৱা পাঁচ বজাৰ পৰা অভিযান চলাই উৎখাত কৰে নকল সুৰাৰ কৰাখানাটো ৷
বৃহৎ আকাৰৰ ড্ৰামত বৰষুণৰ পানী জমা কৰি সেই পানীত স্পিৰিট মিহলি কৰি প্ৰস্তুত কৰা হৈছিল নকল আৰু ভেজাল সুৰা ৷ নকল সুৰা প্ৰস্তুত কৰা এইজন চন্দ্ৰ শীলক গ্ৰেপ্তাৰ কৰে আৱকাৰী বিভাগে ৷ বিভিন্ন বিলাতী সুৰাৰ খালী বটল, লেবেল, সাফৰ আদিও জব্দ কৰে আবকাৰী দলটোৱে ৷
ঘৰতে সুৰা প্ৰস্তুত কৰা অবৈধ কাৰখানা স্হাপন কৰি বজাৰত নকল আৰু ভেজাল সুৰা বিক্ৰী কৰি আহিছিল চন্দ্ৰ শীলে ৷ আবকাৰী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় নকল সুৰা প্ৰস্তুত কৰা ব্যৱসায়ী চন্দ্ৰ শীলক ৷
Published by: Gautam Barman
FIRST PUBLISHED : September 13, 2022, 23:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।