বৰপেটাৰোডৰ ৰুহি দাস নামৰ মছলা ব্যৱসায়ীজনে ভেজাল মছলাৰ ব্যৱসায় চলাই থকা বুলি অভিযোগ তুলি ৫০ লাখ টকা দাবী কৰিছিল।
বৰপেটাৰোডৰ ৰুহি দাস নামৰ মছলা ব্যৱসায়ীজনে ভেজাল মছলাৰ ব্যৱসায় চলাই থকা বুলি অভিযোগ তুলি ৫০ লাখ টকা দাবী কৰিছিল।
ব্যৱসায়ীক ধন দাবী কৰাৰ অপৰাধত বৰপেটাৰোডত এজন ভুৱা সাংবাদিকসহ ইণ্টাৰনেচনেল হিউমেন ৰাইটছ কাউঞ্চিল নামৰ সংস্থা এটাৰ কাৰ্যকৰী সভাপতিক গ্ৰেপ্তাৰ কৰে বৰপেটাৰোড আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভুৱা সাংবাদিক গৰাকীৰ নাম প্ৰকাশ প্ৰসাদ আৰু আনজন ইণ্টাৰনেচনেল হিউমেন ৰাইটছ কাউঞ্চিলৰ বৰপেটা জিলাৰ কাৰ্যকৰী সভাপতি ইন্দ্ৰজিৎ ডেকা ৷ আৰক্ষীৰ জালত পৰা ভুৱা সাংবাদিক প্ৰকাশ প্ৰসাদৰ ঘৰ বৰপেটাৰোডত আৰু ইন্দ্ৰজিৎ ডেকাৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে ৷
বৰপেটাৰোডৰ ব্যৱসায়ী এজনক ৫০ লাখ টকা দাবী কৰিছিল দুয়োজনে মিলি ৷ এই দুই লম্পটে বৰপেটাৰোডৰ ৰুহি দাস নামৰ মছলা ব্যৱসায়ী গৰাকীয়ে ভেজাল মছলা পেকেটিং কৰি ব্যৱসায় চলাই থকা বুলি অভিযোগ তুলি নিজকে দৈনিক পূৰ্বোদয় নামৰ কাকতৰ সাংবাদিক বুলি পৰিচয় দিয়া প্ৰকাশ প্ৰসাদ আৰু ইন্দ্ৰজিৎ ডেকাই দাবী কৰা ধন নিদিলে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ কৰাৰ ভাবুকি দি ব্লেকমেইল কৰিছিল ৷ বৰপেটাৰোডৰ ব্যৱসায়ী ৰুহি দাসক ৫০ লাখ টকা দাবী কৰাত ব্যৱসায়ী গৰাকীয়ে বৰপেটাৰোড আৰক্ষী থানাত ভুৱা সাংবাদিক প্ৰকাশ প্ৰসাদ আৰু ইইণ্টাৰনেচনেল হিউমেন ৰাইটছ কাউঞ্চিলৰ বৰপেটা জিলাৰ কাৰ্যকৰী সভাপতি ইন্দ্ৰজিৎ ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৷ সেইমৰ্মে বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীয়ে তদন্ত চলাইছিল ৷ আৰক্ষীয়ে তদন্ত চলাই যোৱা ৮ জুলাইত বিহাৰৰ পৰা ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ যোগে বৰপেটাৰোডলৈ আহি থকা সময়ত বৰপেটাৰোডৰ ৰে'লৱে ষ্টেচনৰ পৰা ভুৱা সাংবাদিক প্ৰকাশ প্ৰসাদক বৰপেটাৰোড আৰক্ষীয়ে আটক কৰিছিল ৷
আৰক্ষীয়ে আটক কৰা ভুৱা সাংবাদিক প্ৰকাশ প্ৰসাদৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে নিশা বৰপেটাৰ দঙৰকুছিৰ পৰা ইন্দ্ৰজিৎ ডেকাক আটক কৰে ৷ আৰক্ষীয়ে ইন্দ্ৰজিৎ ডেকাৰ AS 15Q 9154 নম্বৰৰ স্কুটিখনো জব্দ কৰে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|