মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »NAGAON : নগাঁৱত সক্ৰিয় নকল সোণৰ ব্যৱসায়ী চক্ৰ, মাটি খান্দি উলিয়ালে যীশুখ্ৰীষ্টৰ মূৰ্তি

NAGAON : নগাঁৱত সক্ৰিয় নকল সোণৰ ব্যৱসায়ী চক্ৰ, মাটি খান্দি উলিয়ালে যীশুখ্ৰীষ্টৰ মূৰ্তি

৪ লাখ ৫০ হাজাৰত নকল সোণৰ মূৰ্তি বিক্ৰীৰ চেষ্টা

৪ লাখ ৫০ হাজাৰত নকল সোণৰ মূৰ্তি বিক্ৰীৰ চেষ্টা

৪ লাখ ৫০ হাজাৰত নকল সোণৰ মূৰ্তি বিক্ৰীৰ চেষ্টা

  • Share this:

নগাঁও চহৰৰ নিকটৱৰ্তী কাতিমাৰীত কালি সন্ধিয়া নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফে যুটীয়াভাৱে অভিযান চলাই  ছাহেদ আলী নামৰ এজন লোকৰ ঘৰৰ পৰা এটা যীশুৰ নকল সোণৰ মূৰ্তিৰ লগতে নগদ ৫৩,৫০০ টকা জব্দ কৰিবলৈ সক্ষম হয়।


আনহাতে আৰক্ষীয়ে নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত ছাহেদ আলীক গ্ৰেপ্তাৰ কৰে ৷ অৱশ্যে আটকাধীন লোকজনৰ পুত্ৰ জেহিৰুল ইছলাম সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ অভিযানকাৰী আৰক্ষীয়ে ছাহেদ আলীৰ বাসগৃহৰ মাটি খান্দি নকল সোণৰ মূৰ্তিটো উদ্ধাৰ কৰে ৷


আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত ছাহেদ আলী আৰু তেওঁৰ পলাতক পুত্ৰই ভূঞাপট্টিৰ লক্ষীনন্দন বল নামৰ এজন লোকক ৪ লাখ ৫০ হেজাৰ টকা মূল্যত নকল সোণৰ মূৰ্তিটো বিক্ৰীৰ চেষ্টা চলাইছিল। পূৰ্বেও ছাহেদ আলী আৰু জেহিৰুলৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

শেহতীয়া বাতৰি