তামুলপুৰত আৰক্ষীৰ জালত পৰিল মুন্না ভাই MBBSৰূপী চিকিৎসক৷ আৰক্ষীৰ জালত ভুৱা চিকিৎসক মনজিৎ দাস। MBBS চিকিৎসকৰ পৰিচয় দি কুমাৰীকাটা অঞ্চলত বহু বছৰ ধৰি চিকিৎসা কৰি আহিছিল মনজিৎ দাস নামৰ ভূৱা চিকিৎসকগৰাকীয়ে৷ পিছে অৱশেষত তামুলপুৰৰ মহকুমাধিপতিৰ নিৰ্দেশত গ্ৰেপ্তাৰ হ'ল ভূৱা চিকিৎসকগৰাকী৷
তামুলপুৰৰ আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে মুন্না ভাই MBBS মনজিৎ দাসক ৷ কুমাৰীকাটা বজাৰৰ নাৰায়ণ মেডিকেল এণ্ড আস্থা ক্লিনিকেল লেবৰেটৰী নামৰ এখন ফাৰ্মাচী পৰা প্ৰৱঞ্চক মনজিতক গ্ৰেপ্তাৰ কৰা হয়। তামুলপুৰ মহকুমাধিপতিৰ নিৰ্দেশত কাৰ্যালয়ৰ অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰীতম ঠাকুৰীয়াই চলোৱা অভিযানত স্পষ্ট হয় মনজিতৰ ভয়ংকৰ প্ৰৱঞ্চনা৷
মনজিত দাসে অঞ্চলটোত বহু বছৰ ধৰি নিজকে চিকিৎসক ৰূপে চিনাকি দি জনতাৰ জীৱনৰে হেতালী খেলি আহিছিল। জানিব পৰামতে মনজিৎ দাস এগৰাকী ফিজিঅ' থেৰাপীৰ ডিপ্ল'মাধাৰী লোকহে। ইতিমধ্যে আৰক্ষীয়ে মনজিৎ দাসৰ ওপৰত এক গোচৰ ৰুজু কৰি ( তামুলপুৰ থানাৰ কেছ নং ২৯৪/১১/২১/ আই পি চি ৩৩৬/৪১৯/৪৬৭/৪৬৮/৪৭১/ আৰু ভাৰতীয় চিকিৎসা কাউঞ্চিলৰ ১৯৫৬ চনৰ ধাৰা মতে ১৫ ভাৰতীয় চিকিৎসা পৰিষদৰ আইনৰ অধীনত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|